অৰণ্য সংকুচনৰ ফলশ্ৰুতিত অস্বাভাৱিক হাৰত হ্ৰাস পাবলৈ ধৰিছে জহামালজাতীয় প্ৰাণীসমূহ ৷ International Union for Conservation of Nature চমুকৈ IUCN এ ২০০৮ চনত এই প্ৰজাতিৰ প্ৰাণীসমূহক সংকটমুক্ত বুলি চিহ্নিত কৰিছিল যদিও অতি সম্প্ৰতি ইয়াৰ সংখ্যা অস্বাভাৱিক হাৰত হ্ৰাস পাবলৈ ধৰিছে ৷
বিশেষকৈ অসমত এই প্ৰাণীৰ সংখ্যা ৮০%ই নিঃশেষ হৈছে৷ যি ২০ শতাংশ ব্ৰতী আছে সিয়ো ঘন অৰণ্যাঞ্চল আৰু খাদ্যৰ অভাৱত গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ৰোষৰ বলী হ’ব লগা হৈছে ৷
ইংৰাজীত Asian Palm Civet নামেৰে পৰিচিত এনে প্ৰজাতিৰ এটা প্ৰাপ্তবয়স্ক প্ৰাণী কিছুদিন পুৰ্বে শুকদল বৰবৰী গাঁৱৰ পৰা একেবাৰে মুমুক্ষ অৱস্থাত উদ্ধাৰ কৰিছিল প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে ৷