Brutal Murder In Morigaon:মৰিগাঁৱত নৃশংস হত্যাকাণ্ড

মোমায়েকে শিৰচ্ছেদ কৰিলে ভাগিনীয়েকৰ, দা লৈ তাণ্ডৱলীলা হত্যাকাৰীৰ

morigaon

Brutal Murder In Morigaon:

মৰিগাঁৱৰ ময়নগুড়িত নৃশংস হত্যাকাণ্ড ৷ মোমায়েকে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰিলে ভাগিনীয়েকৰ  ৷ ৰূপম লস্কৰ নামৰ লোকজনে ভাগিনীয়েক ভূমিক কোঁৱৰক শিৰচ্ছেদ কৰে ৷

উল্লেখ্য যে,মাটিবাৰী কেন্দ্ৰীক বিষয়ক লৈ দুয়োজনৰ মাজত বহুদিন ধৰি বিবাদ চলি আছিল ৷ আজি উল্লিখিত ভূমি সংক্ৰান্তীয় বিবাদৰ ভয়ংকৰ পৰিণতি স্বৰূপে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷

আনহাতে, এই নৃশংসকাণ্ড সংঘটিত কৰিয়ে হাতত ছিন্নমুণ্ড উন্মাদ হৈ তাণ্ডৱ চলায় ঘাতকজনে ৷ অৱশ্যে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে হত্যাকাণ্ডৰ সময়ত সুৰামত্ত অৱস্থাত আছিল ঘাতক ৰূপম লস্কৰ ৷ এই লোমহৰ্ষক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Exit mobile version