Morigaon Dist.Commissioner:মৰিগাঁৱত আঘাতপ্ৰাপ্ত বৰটোকোলাক সুস্থ কৰি উৰুৱাই দিলে জিলা আয়ুক্ত সহিত প্ৰকৃতিপ্ৰেমী মঞ্চৰ কৰ্মকৰ্তাই

morigaon dist commissioner

Morigaon Dist.Commissioner:

মৰিগাঁৱত সুদীৰ্ঘ চাৰি মাহৰ মূৰত পুনৰ মুকলি আকাশলৈ উৰা মাৰিলে দুটা দুটা বৰটোকোলা। জিলাখনত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি থকা বেচৰকাৰী সংস্থা প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰয়াসত অতি সুৰক্ষিতভাৱে দুয়োটা চৰাই আজি মুক্ত প্ৰকৃতিৰ কোলালৈ উৰা মাৰে। যোৱা ৪ ডিচেম্বৰত আঘাতপ্ৰাপ্ত অৱস্থাত বৰটোকোলা দুটা উদ্ধাৰ কৰা হৈছিল।

তাৰ পিছতেই  প্ৰকৃতি প্ৰেমী মঞ্চৰ প্ৰচেষ্টাত যোৱা চাৰিমাহ ধৰি বৰটোকোলা দুটাক ডাঙৰ কৰি উৰিব পৰা কৰি তোলা হৈছিল। আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও নগৰৰ সমীপৰ মৰা কলং নৈৰ পাৰত চৰাই দুটাক মুক্ত প্ৰকৃতিৰ কোলালৈ উৰুৱাই দিয়ে।

জানিব পৰা মতে দুয়োটা বৰটোকোলাই দৈনিক প্ৰায় ৩ কেজি ওজনৰ মাছ খাইছিল। জিলা আয়ুক্তগৰাকীয়ে মঞ্চৰ এই প্ৰয়াসৰ শলাগ লৈছে।

Exit mobile version