Petrol Pumps Will Be Closed for Two Days Across The North East From Tomorrow:কাইলৈৰ পৰা দুদিন ধৰি পেট্ৰ’ল পাম্প বন্ধ থাকিব সমগ্ৰ উত্তৰ-পূবত

আঠ বছৰে বঢ়া নাই ডিলাৰ কমিছন, কাণসাৰ নাই তেল কোম্পানীৰ, প্ৰতিবাদত পেট্ৰ'ল-ডিজেলৰ ক্রয়-বিক্রয় বন্ধ ৰখাৰ ঘোষণা নর্থ ইষ্ট ইন্ডিয়া পেট্র'লিয়াম ডিলাৰ্ছ এছ'চিয়েছনৰ

petralpump

Petrol Pumps Will Be Closed for Two Days Across The North East From Tomorrow:

ডিলাৰ কমিছন বৃদ্ধি আৰু আনুষংগিক বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীৰে অহা ৩০ মাৰ্চৰ পুৱা পাঁচ বজাৰ পৰা পহিলা এপ্ৰিলৰ পুৱা পাঁচ বজালৈ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বন্ধ থাকিব সকলো পেট্র’ল পাম্প

নর্থ-ইষ্ট ইণ্ডিয়া পেট্র’লিয়াম ডিলাৰ্ছ এছ’চিয়েছনে আজি ডিলাৰ কমিছন বৃদ্ধিৰ ক্ষেত্রত তেল কোম্পানীসমূহে প্ৰদৰ্শন কৰি অহা অনীহাৰ প্রতিবাদত বিত্তীয় বৰ্ষৰ অন্তিম দিন দুটাত পেট্র’লজাত সামগ্ৰীৰ ক্রয়-বিক্রয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে। সংগঠনটোৰ সভাপতি ৰাজীৱ গোস্বামী আৰু যুটীয়া সম্পাদক অৰূপ গোস্বামীয়ে এক প্ৰেছ বিবৃতিযোগে সন্থাৰ সিদ্ধান্ত সদৰী কৰি কয় যে তেল কোম্পানীসমূহে বিগত ২০১৭ৰ পৰা এই পর্যন্ত পেট্র’ল পাম্পসমূহৰ গৰাকীয়ে লাভ কৰা ডিলাৰ্ছ কমিছন এপইচাও বৃদ্ধি কৰা নাই। সন্থাই পেট্ৰ’ল-ডিজেল বিক্ৰীৰ বিপৰীতে কমিছনৰ হাৰ পুনৰীক্ষণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহা সত্ত্বেও চৰকাৰী তেল কোম্পানীসমূহে এই দাবীৰ প্রতি তিলমানো সঁহাৰি নিদিয়া বুলি সংগঠনটোরে অভিযোগ তোলে।

ইফালে, পেট্রল পাম্পসমূহৰ আন কেতবোৰ অধিকাৰৰ ক্ষেত্ৰতো তেল কোম্পানীসমূহে বঞ্চনা কৰি অহা বুলি তীব্র ক্ষোভ প্রকাশ কৰে সংগঠনটোরে। এই দাবীসমূহ সমাধান কৰিবলৈ নর্থ-ইষ্ট ইন্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ’চিয়েছনে যোৱা তিনি মার্চত তেল কোম্পানীসমূহলৈ পুনৰবাৰ এখন পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু তেল কোম্পানীকেইটাই আজিলৈকে এই ক্ষেত্ৰত সংগঠনৰ দাবীসমূহ পূৰণৰ ব্যৱস্থা নকৰিলে বা কোনো সঁহাৰি জনোৱাৰো প্রয়োজনবোধ নকৰিলে।

তেল কোম্পানীসমূহৰ এই স্থিতিৰ ফলত পেট্র’লিয়াম ডিলাৰসমূহে ইন্ধন ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে। তৎসত্ত্বেও ডিলাৰসকলৰ অসুবিধাৰ প্ৰতি গুৰুত্ব নিদিয়াত আজি উজান বজাৰত থকা পেট্র’লিয়াম ডিলাৰ এছ’চিয়েছনৰ কাৰ্যালয়ত অনুষ্ঠিত সন্থাৰ এখন বৈঠকত দুদিনজুৰি পেট্ৰ’ল পাম্পসমূহত ক্রয়-বিক্রয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে দুদিন ধৰি পেট্রল পাম্পসমূহ বন্ধ ৰাখিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ৰাজনৈতিক দলসমূহে চূড়ান্ত অসুবিধাৰ সম্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে।

Exit mobile version