APCC Headquarter:লোকসভা নিৰ্বাচনৰ ভৰপক সময়তো নিস্তেজ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়

নিমাওমাও ৰাজীৱ ভৱন, পৰিকল্পনাহীনতাক লৈ নিৰুৎসাহিত নেতা-কর্মী, বহু মানুহ আঁতৰি যোৱাৰ বাবেও উৎসাহ হেৰুৱাইছে

apcc 2 1

APCC Headquarter:

আসন্ন লোকসভা নির্বাচনত বৃহৎ জয়ৰ স্বপ্ন দেখা প্রধান বিৰোধী দল কংগ্ৰেছৰ স্তিমিত তৎপৰতাক লৈ আশাহত হোৱাৰ উপক্রম ঘটিছে দলীয় নেতা-কর্মীৰ মাজত। যি সময়ত বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্রণালীবদ্ধভাৱে প্ৰচাৰৰ সমান্তৰালকৈ নির্বাচনী প্রস্তুতি তুংগত তুলিছে সেই সময়তো প্রধান বিৰোধী দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত বিৰাজমান হৈছে নিস্তেজ পৰিৱেশৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্র দাখিল পর্ব সমাপ্ত হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰো প্ৰস্তুতিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ সময়তো কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত নাই নির্বাচনী তৎপৰতা। প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আজিৰ দিনটোতো নাই দলীয় নেতৃত্ব অথবা প্রার্থীসকলৰো এখন হ’লেও বেনাৰ-প’ষ্টাৰ। নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদানৰ আহ্বান জনোৱা কোনো বেনাৰ-প’ষ্টাৰো নাই মুখ্য কার্যালয়ত।

আন নেতা বাদেই দলটোৰ নিৰ্বাচনী তৎপৰতা বা পৰিকল্পনা সম্পর্কে সোধপোছ কৰিবলৈও আজিৰ দিনটোত ৰাজীৱ ভৱনত পোৱা নগ’ল কোনো এজন মুখপাত্রক। আনকি উপস্থিত নাছিল প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰো কোনো বিষয়ববীয়া। মুঠতে প্রধান বিৰোধী দলটোৰ মূল কাৰ্যালয়টোকে এনেদৰে এলাগী কৰি ৰখাৰ বিষয়টোৱে আনকি স্পৰ্শ কৰিছে দলৰ সাধাৰণ নেতা-কর্মীসকলকো। প্রদেশ কংগ্ৰেছৰ স্বয়ং সভাপতিজনেও বিগত কিছুদিন ধৰি অহা নাই ৰাজীৱ ভৱনলৈ।

ৰাজীৱ ভৱনত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ বলীন কুলিক এই প্রসংগত ‘দৈনিক অগ্রদূত’ৰ তৰফৰ পৰা যোগাযোগ কৰাত তেওঁ কয় যে দলটোৰ বহু জ্যেষ্ঠ নেতা বিগত কিছুদিনৰ ভিতৰত দলৰ পৰা আঁতৰি গৈছে। এনে অৱস্থাত প্রাকৃনির্বাচনী কালছোৱাত স্বাভাৱিকতে দলৰ নেতা-কর্মীসকলৰ মাজত কিছু নিৰুৎসাহৰ সৃষ্টি হৈছে।

ইফালে, চৌদিশে নির্বাচনী প্ৰচাৰৰ ধামখুমীয়াৰ মাজতো প্রদেশ কংগ্ৰেছৰ মুখ্য কার্যালয়টোক কিয় এনেদৰে এলাগী কৰি ৰখা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কুলিয়ে কয় যে কিছু পলম হ’লেও আজিৰে পৰা ৰাজীৱ ভৱনটো কিছু সজাই-পৰাই তোলাৰ কাম আৰম্ভ কৰা হৈছে। ইফালে, নিৰ্বাচনৰ এই ভৰপক সময়তো প্রদেশ কংগ্ৰেছে আজিৰ দিনটোলৈকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰা এপইচাও ধন নির্বাচনী খৰচ হিচাপে লাভ নকৰাৰ বাবেও প্ৰচাৰ তথা আনুষংগিক কাম-কাজ তুলনামূলকভাবে স্তিমিত হৈ থকা বুলি তেওঁ স্বীকাৰ কৰে।

প্ৰদেশ কংগ্ৰেছৰ প্ৰবীণ নেতাজনে অৱশ্যে এই কথাও কয় যে প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্র দাখিল পৰ্বৰ বাবে দলৰ সভাপতিকে ধৰি আন নেতাসকল এই কেইদিন সংশ্লিষ্ট সমষ্টিসমূহতে ব্যস্ত হৈ আছে। দলৰ সাংসদ-বিধায়কসকলেও নির্বাচন উপলক্ষে নিজৰ নিজৰ সমষ্টিত বাহৰ পাতিছে। গতিকে ৰাজ্যিক কার্যালয়টোত বিষয়ববীয়াৰ উপস্থিতি হ্রাস পাইছে।

উল্লেখ্য যে প্রদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ প্ৰৱেশদ্বাৰত পূৰ্বৰ তুলনাত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা পৰিলক্ষিত হোৱাৰ বাদে ৰাজীৱ ভৱনত সামগ্রিকভাবে লোকসভা নির্বাচন বুলিবলৈ বিশেষ কোনো পৰিৱৰ্তন পৰিস্ফুট হোৱা নাই। নিৰ্বাচনৰ কাম-কাজ পৰিচালনাৰ বাবে দলৰ একাধিক ৰাষ্ট্ৰীয় নেতা অসমলৈ আহিছে যদিও তেওঁলোকেও হোটেলৰ কক্ষৰ পৰাই কাম-কাজ পৰিচালনা কৰিছে।

মুঠতে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক কাৰ্যালয়টোৰ পৰা যি ধৰণে নির্বাচনী ৰণকৌশল বাস্তৱায়িত কৰাৰ বাবে নিয়ন্ত্রণ কক্ষৰূপে ব্যস্ততা বৃদ্ধি পাব লাগিছিল, তেনে কোনো ব্যস্ততা নাই প্রধান বিৰোধী দলটোৰ ৰাজ্যিক কার্যালয়টোত।

সমাগত নির্বাচনত ১৪টা সমষ্টিয়ে দখল কৰিব বুলি দৃঢ় স্থিতি ব্যক্ত কৰা শাসকীয় পক্ষৰ ব্যাপক প্ৰচাৰ তথা প্ৰধান বিৰোধী দলটোৰ পৰা সঘনাই ইজনৰ পাছত সিজনকৈ জ্যেষ্ঠ নেতাৰ প্ৰস্থানে যেন বাৰুকৈয়ে বিপর্যস্ত কৰিছে মহানগৰীৰ জি এছ ৰোডস্থ কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয়টোক।

Exit mobile version