Deshi Janagosthia Mancha Assam:আগন্তুক লোকসভা নির্বাচনত অসমৰ খিলঞ্জীয়া দেশীসকল মুখ্যমন্ত্ৰীৰ ঐতিহাসিক পদক্ষেপৰ প্ৰতিদান দিবলৈ প্রস্তুত:দেশী জনগোষ্ঠীয় মঞ্চ,অসম

deshi mancha

Deshi Janagosthia Mancha Assam:

অসমৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা, দক্ষিণ কামৰূপৰ বকো এলেকাৰ বিশেষ অঞ্চল আৰু লগতে কামৰূপ (মহানগৰ) আদি বিস্তীর্ণ এলেকাজুৰি দেশীসকল যুগ যুগ ধৰি বাস কৰি আছে। ইতিহাসবিদ সকলৰ মতে ১২০৫ খৃষ্টাব্দৰ পৰা আৰম্ভ কৰি স্থানীয় জাতি-জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম গ্রহণ কৰা দেশীসকল অসমৰ ভূমিপুত্র!

কিন্তু ৰাজনৈতিক পাকচক্ৰ আৰু পৰিৱৰ্তিত সামাজিক সমীকৰণৰ বলি হৈ ১৮ লাখতকৈ অধিক জনসংখ্যাবিশিষ্ঠ দেশীসকল কিছুদিন আগলৈকে পৰিচয় সংকটৰ বলি হ’বলগীয়া হৈছিল। সৌভাগ্যক্রমে বৰ্তমানৰ ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খিলঞ্জীয়া ইছলামধৰ্মীৰ উন্নতিকল্পে সাতোখনকৈ উপসমিতি গঠন কৰাকে আদি কৰি দেশীসকলক খিলঞ্জীয়া বুলি স্বীকৃতি দি জনগোষ্ঠীটোক পৰিচয় সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰিছে। তাৰোপৰি দেশীসকলৰ আৰ্থ-সামাজিক মূল্যায়নৰ প্ৰথম পদক্ষেপ হিচাবে ইতিমধ্যে জৰীপৰ কাম আৰম্ভ কৰিছে।’এই মন্তব্য দেশী জনগোষ্ঠীয় মঞ্চ,অসমৰ সভাপতি ইছলামুল হক মণ্ডলৰ |

সংগঠনটোৰ সভাপতি  সভাপতিমণ্ডলে কয় যে, “এই চৰকাৰৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু আমি নিশ্চিত যে, এই আর্থ-সামাজিক জৰীপৰ কাম নির্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি চৰকাৰে দেশীসকলৰ আৰ্থ-সামজিক উন্নয়নৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব। ইয়াৰ বাবে এই চৰকাৰৰ প্ৰতি দেশীসকল চিৰকৃতজ্ঞ !

কোনোদিনেই কোনো দলৰ চৰকাৰ বা ৰাজনৈতিক নেতাই দেশীসকলৰ ভৱিষ্যতক লৈ এষাৰো মাত নমতাৰ সময়ত ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইবোৰ ঐতিহাসিক পদক্ষেপৰ শলাগ লৈ সম্পূর্ণ দেশী সমাজ আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ উপযুক্ত প্রতিদান দিবলৈ সাজু হৈ উঠিছে।” বুলি মন্তব্য কৰে দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি গৰাকীয়ে ৷

Exit mobile version