Aap Assam President Pressmeet:অবৈধ ইলেক্টৰেল বণ্ডৰ জৰিয়তে কোৰোণাৰে ধন চপোৱা বিজেপিৰ বাবেই দাম বাঢ়িল জীৱনদায়িনী ঔষধৰ: ডাঃ ভবেন চৌধুৰী

সাধাৰণ জনতাক শুহি খোৱা বিজেপিক ক্ষমতাচ্যুত কৰিলেহে সুখেৰে জীয়াই থকিব পাৰিব: আম আদমি পার্টী, দিল্লী-পঞ্জাবৰ বিনামুলীয়া স্বাস্থ্যসেৱা আৰ্হিয়েহে দিব পাৰিব সকাহ

aap pressmeet

Aap Assam President Pressmeet:

নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰা বিজেপি চৰকাৰে ৯২৩বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্তক আম আদমি পার্টীয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে। এক সংবাদমেল সম্বোধন কৰি আপ, অসমৰ সভাপতি ডা: ভবেন চৌধুৰীয়ে কয় যে মোডী চৰকাৰে অবৈধ ইলেক্টৰেল বণ্ডৰ জৰিয়তে বিভিন্ন কোম্পানীৰ পৰা ভয়-ভাবুকিৰে চান্দা উঠাই অহাৰ বাবেই আজিৰে পৰা জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পালে। উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ডক অবৈধ ঘোষণা কৰি কোন কোন কোম্পানীয়ে ৰাজনৈতিক দলক ধন দিছে, সেই তথ্য ৰাজহুৱা নকৰা হ’লে বিজেপিৰ চান্দা সংস্কৃতি’ পোহৰলৈ নাহিলহেঁতেন।

হিতাধিকাৰী ৰাজনীতিৰ নামত চৰকাৰে কেই কেজিমান চাউল আৰু প্রতিমাহে কেইশমান টকা একাংশ মানুহৰ একাউণ্টত সোমোৱাই দি ঔষধৰ দাম ২০ৰ পৰা ৮০ শতাংশ বৃদ্ধি কৰি সাধাৰণ জনতাক জীয়াই থকাৰ সুবিধাকণৰ পৰাই বিজেপিয়ে বঞ্চিত কৰিছে। ঔষধ নিৰ্মাণ কৰা কোম্পানী ড: ৰেষ্ট্ৰীছ লেব, চিপলা লিমিটেড, ছান ফার্মা লেবৰেটৰী, জাইদাচ, টৰেণকে ধৰি প্ৰায় সকলো কোম্পানীৰ পৰা বিজেপিয়ে শশ কোটি টকা চান্দা সংগ্রহ কৰিছে। এই তথা ইতিমধ্যে জনতাই লাভ কৰিছে। টৰেণ কোম্পানীয়ে বিজেপিক ৬১ কোটি টকা, চিপলাই ৩৭ কোটি টকা, জাইদাচে ১৮ কোটি টকা বিজেপিক দিছে। এয়া দুটামান উদাহৰণ মাত্র।

বিজেপি চৰকাৰৰ দিনত দুর্নীতি নোহোৱা বুলি দলটোৱে দাবী কৰিলেও জনতাই বুজি পাইছে বিজেপিয়ে কি স্তৰত দুর্নীতি কৰে। বিজেপিয়ে ইডি, চিবিআই আই টিৰ দৰে সংস্থাবোৰক অপব্যৱহাৰ কৰি কোম্পানীবোৰক ভয়-ভাবুকি দি ইলেক্টৰেল বণ্ডৰ জৰিয়তে চান্দা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ পার্শ্বক্রিয়া হিচাপে কোম্পানীবোৰে ঔষধ, নিত্য বারহার্য সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনতাৰ ওপৰত ৰাম টাঙোন সোধাই আহিছে। এক সুস্থ আৰু সন্মানজনক জীৱনৰ স্বাৰ্থতে এই লোকসভা নির্বাচনত বিজেপিক উৎখাত কৰিবলৈ আম আদমি পার্টীয়ে আহ্বান জনায়।

নাগৰিকৰ সুস্থ স্বাস্থ্য নিশ্চিত কৰাতো চৰকাৰৰ মৌলিক দায়িত্ব বুলি আম আদমি পার্টীয়ে বিবেচনা কৰে আৰু সেইবাবে দিল্লী আৰু পঞ্জাবত সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰৱৰ্তন কৰা হৈছে বুলি আঙুলীয়াই দিয়ে আপ, অসমৰ সভাপতি গৰাকীয়ে। ধনী-দুখীয়া সকলো নাগৰিকৰ বাবে বিনামূলীয়া ঔষধ, বিনামূলীয়া পৰীক্ষা, বিনামুলীয়া অপাৰেচন আম আদমি পার্টিীৰ মূল প্রতিশ্রুতি বুলি তেওঁ সোঁৱৰাই দিয়ে।

কালি দিল্লীৰ ৰামলীলা মৈদানত অনুষ্ঠিত হোৱা ইন্ডিয়া এলায়েন্সৰ বৃহৎ ৰেলীতো কাৰাগাৰৰ ভিতৰৰ পৰা অৰবিন্দ কেজৰিৱালে দেশবাসীক দিয়া ছটা গেৰাণ্টীত বিশেষ স্থান পাইছে সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্যসেৱাৰ প্ৰতিশ্রুতিয়ে।

Exit mobile version