Delhi CM Arvind Kejriwal Sent to judicial custody till April 15:ন্যায়িক জিম্মালৈ প্ৰেৰণ অৰবিন্দ কেজৰিৱালক

দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিয়ালক প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ, ১৫ এপ্রিল পর্যন্ত জেলত থাকিব লাগিব কেজৰিৱাল

arvind kejrial

Delhi CM Arvind Kejriwal Sent to judicial custody till April 15:

সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ১৫ এপ্ৰিললৈ বৃদ্ধি কৰে আদালতে। কেজৰিৱালে সহযোগ নকৰাৰ অভিযোগ কৰে আদালতত ইডিয়ে

আনহাতে ,অৰবিন্দ কেজৰিৱালৰ অধিবক্তাই তেওঁক সাংবাদিক নীৰজা চৌধাৰীৰ ভাগৱত, ৰামায়ণ আৰু ‘প্ৰধানমন্ত্ৰীয়ে কেনেকৈ সিদ্ধান্ত লয়’ তিনিখন কিতাপ পঢ়িবলৈ অনুমতি দিবলৈ অনুৰোধ দাখিল কৰে।

উল্লেখ্য যে,ইডিৰ জিম্মা শেষ হোৱাৰ পিছত বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ আদালতত আজি হাজিৰ কৰোৱা হয় কেজৰিৱালক। দিল্লী আদালতত হাজিৰ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি কেজৰিৱালে কয় যে ‘পিএমই যি কৰিছে সেয়া দেশৰ বাবে ভাল নহয়’।

স্মতৰ্ৱ্য যে,দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ অভিযোগত কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ইডিৰ জিম্মাত ৰখা হৈছিল।

মনকৰিবলগীয়া যে,কেজৰিৱালৰ আইনী কাৰ্য্যবিধিৰ প্ৰস্তুতি চলোৱাৰ লগে লগে পণ্ডিত দীনদয়াল উপাধ্যায় মাৰ্গৰ ৰাউজ এভিনিউ আদালতৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল ৷ আদালত চৌহদত উপস্থিত আছিল দিল্লীৰ জ্যেষ্ঠ মন্ত্ৰী আতিশী আৰু কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল।

যোৱা বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত ইডিয়ে কেজৰিয়ালক হাজিৰ কৰি অৰবিন্দ কেজৰিৱালৰ জিম্মাত থকা সময়সীমা অতিৰিক্ত চাৰিদিন ম্যাদ বৃদ্ধিৰ পোষকতা কৰি ইডিয়ে আদালতক অৱগত কৰে যে কেজৰিৱালৰ পত্নীৰ এটা ম’বাইল ফোনৰ পৰা তথ্য আহৰণ কৰা হৈছে আৰু ইয়াৰ ওপৰত তদন্ত অব্যাহত আছে।

আনহাতে,২১ মাৰ্চত কেজৰিৱালক তেওঁৰ চৰকাৰী বাসগৃহ চৌহদত তালাচীৰ সময়ত জব্দ কৰা আন চাৰিটা ডিজিটেল ডিভাইচৰ তথ্য আদালতক অৱগত কৰে ইডিয়ে ৷ আনহাতে, কেজৰিৱালে প্ৰয়োজনীয় পাছৱৰ্ড বা লগইন প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ সময় বিচাৰি আদালতত অৱগত কৰে কেজৰিয়ালৰ অধিবক্তাই ৷

Exit mobile version