Storm Is Expected To Reach 40-50 Mph With Rain And Hail:ৰাজ্যত পুনৰ বৰষুণ-শিলাবৃষ্টিৰে ৪০-৫০ গতিবেগত আহিব পাৰে ধুমুহা

বতৰ বিজ্ঞান বিভাগৰ আগজাননী

rain

Storm Is Expected To Reach 40-50 Mph With Rain And Hail:

দেওবাৰে বিয়লী গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলৰ লগতে চুবুৰীয়া পশ্চিমবংগত ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিয়ে তছনচ কৰে ৷ বহু অঞ্চলত বিধ্বস্ত হয় ঘৰদুৱাৰ ৷ মৃত্যু হয় শিশু সহ কে’বাজনো ৷ আহত হয় বহুজনৰ ৷ আবেলি পৰা হোৱা মুষলধাৰ বৰষুণ নিশা ১২ বজালৈ অব্যাহত থাকে ৷ অৱশ্যে আজি গুৱাহাটী সহ ৰাজ্যৰ কেতবোৰ স্থানত বতৰ ফৰকাল যদিও মাজলী সহ উজনিৰ বহু ঠাইত আজিও কিনকিনিয়া বৰষুণ দি থকাৰ বিষয়ে জানিব পৰা গৈছে ৷

উল্লেখ্য যে,উত্তৰ পূৰ্বৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত দেওবাৰে বিয়লী ভাগৰ পৰা কে’বাঘন্টা ধৰি হোৱা মুষলধাৰ বৰষুণত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে ৷হাতীগাওঁ সহ বহু ঠাইত পথত এককাল পৰ্যন্ত পানী হোৱাত পথচাৰী আৰু যানবাহনে বহু দুৰ্ভোগৰ সন্মুখীন হয় ৷ একেদৰে গুৱাহাটীৰ পাশ্বৱৰ্তী যোৰাবাটৰ দহমাইলত বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ৰাজপথ বুৰাই পেলাই ৷ যাৰফলত বহু যানবাহন পথৰ ওপৰতে আবদ্ধ হৈ পৰে বহুঘন্টা সময়জুৰি ৷

এনে প্ৰেক্ষাপটত ৰাজ্যত পুনৰ ধুমুহা-বৰষুণ, শিলাবৃষ্টি হোৱাৰ সম্ভৱনাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰি কৰা মতে,বংগোপ সাগৰ পৃষ্ঠৰ পৰা ৪.৯ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসমৰ লগতে চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত ধুমুহা-বৰষুণৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷।

দেওবাৰে গুৱাহাটী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চল সমূহত ১.৪ মিটাৰ শিলাবৃষ্টিৰ লগতে ৫৯.৬ মিলিমিটাৰ বৰষুণ হৈছিল।

আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া ৰিৰ্পট মতে,সাগৰপৃষ্ঠত উৎপত্তি হোৱা প্ৰৱল ধুমুহাৰ ফলস্বৰূপ আগন্তুক ২৪ ঘণ্টাত অসমৰ উজনি,নামনি কে’বাখনো জিলা সহ বৰাকৰো কে’বাখনো জিলাৰ ভিন্ন অঞ্চলত ৪৫-৫০ গতিবেগৰ ধুমুহাৰ লগতে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

অৱশ্যে মঙলবাৰ,বুধবাৰে ধুমুহা -বৰষুণ কিছু হ্ৰাস পাব যদিও বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰায়বোৰ জিলাত বিজুলী- ধেৰেকণিৰে মুষলধাৰ বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

Exit mobile version