Riyan Parag: টি- টুৱেণ্টি বিশ্বকাপৰ পূৰ্বে চলিত আই পি এলত দুৰ্দান্ত ফৰ্মত ৰিয়ান পৰাগ

ধাৰাবাহিকভাৱে পৰাজয় লক্ষ্ণৌ, দিল্লী,মুম্বাইৰ, ষ্টাইক ৰেডত পিছ পেলালে বিৰাট কোহলিকো, সর্বাধিক ৰাণ সংগ্ৰহকাৰীৰূপে কমলা ৰঙৰ টুপীৰো অধিকাৰী হ'ল ৰিয়ান

riyan 1

Riyan Parag:

চলিতবৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছে ধাৰাবাহিকভাৱে তিনিখনকৈ মেচত জয়ৰে অৰ্জন কৰে হেট্ৰিক ৷ এইবাৰ দলটোৰ সফলতাৰ আৰঁত আছে অসম তনয় ৰিয়ান পৰাগ ৷ ৰিয়ান পৰাগৰ অদমনীয় দুৰ্দান্ত প্ৰদৰ্শনৰ ফলতে দলটোৱে একেৰাহে তিনিখনত মেছতে বিজয় সোৱাদ পাবলৈ সক্ষম হৈছে ৷

ৰিয়ানে ইখনৰ পাছত সিখনকৈ মেছতে দুৰ্দান্ত ইনিংছ খেলিছে ৷ প্ৰতিপক্ষ দলৰ বাবে ৰিয়ান যেন এতিয়া অপ্ৰতিৰোধ্য ৷

উল্লেখ্য যে,যাৱতীয় সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দি চলিত আইপিএলত জিলিকি উঠিছে অসম-সন্তান ৰিয়ান পৰাগ। সোমবাৰে উপর্যুপৰি তৃতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ হৈ মেচ-বিজয়ী অর্ধশতৰাণ অৰ্জন কৰি ৰিয়ানে নিজৰ প্ৰতিভাৰ প্রতি সুবিচাৰ কৰিলে। ৰিয়ানৰ আন এক দায়িত্বশীল ইনিংছৰ সুবাদতে ৰাজস্থান ৰয়েলছে মুম্বাই ইন্ডিয়ানছক ছয় উইকেটত পৰাজিত কৰে। ৰিয়ানে ৩৯টা বলত ৫৪ ৰাণ কৰি অপৰাজিত হৈ ৰয়।

উল্লেখ্য যে যোৱাবাৰৰ আইপিএলত ব্যর্থ হোৱাৰ বাবে ৰিয়ান প্ৰচুৰ সমালোচনাৰ সন্মুখীন হৈছিল। অৱশ্যে এইবাৰ ঘৰুৱা ক্রিকেটত প্ৰচুৰ ৰাণ কৰি তেওঁ ফৰ্মত থকাৰ ইংগিত দিছিল। আইপিএলত প্রথমখন মেচতে তেওঁ ৪৩ ৰাণৰ এটা দায়িত্বশীল ইনিংছ খেলিছিল। যাৰ বাবে ৰাজস্থান দলৰ ক্ৰিকেট সঞ্চালক শ্রীলংকাৰ কিংবদন্তি ক্রিকেটাৰ কুমাৰ ছাংগাক্কাৰায়ো মন্তব্য কৰিছিল যে ৰিয়ান এতিয়া বহু সলনি হৈছে আৰু নিজৰ দায়িত্ব বুজি পোৱা হৈছে। ইয়াৰ পাছতে তেওঁ দলৰ দ্বিতীয়খন মেচত দিল্লী কেপিটেলছৰ বিপক্ষে অপৰাজিত ৮৩ ৰাণৰ ইনিংছটোৰে সমগ্ৰ দেশৰ ক্ৰিকেট বিশেষজ্ঞৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

আনহাতে,সোমবাৰৰ ইনিংছটোৰে ৰিয়ানে দিলে তেওঁৰ পৰিণত মস্তিষ্কৰ প্ৰমাণ। উল্লেখ্য যে মুম্বাই দলে ন উইকেটত ১২৫ ৰাণহে সংগ্ৰহ কৰিছিল। অৱশ্যে
কম ৰাণসংখ্যা অনুসৰণ কৰিও ৰাজস্থান দল এটা সময়ত বিপদত পৰিছিল। যশস্বী জয়ছোৱাল (১০), জ’ছ বাটলাৰ (১৩) আৰু অধিনায়ক সঞ্জু ছেমছন
(১২) সোনকালে আউট হোৱাত সকলো দায়িত্ব ৰিয়ানৰ ওপৰত পৰে। অৱশ্যে তেওঁ দলক নিৰাশ নকৰিলে। প্ৰথম অৱস্থাত অতি সতর্কতাৰে এক এক ৰাণ
লোৱা ৰিয়ানে অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন (১৬)ৰ স’তে দলৰ ইনিংছ আগুৱাই নিয়ে। যেতিয়াই দলৰ বিজয় নিশ্চিত হ’ল, তেতিয়াই তেওঁ পৰিচিত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। দলৰ জয়ৰ বাবে ১৫ ৰাণ বাকী থকা অৱস্থাত ৰিয়ানে পীযুষ চাওলাৰ ক্ৰমাগত তিনিটা বলত দুটা ছয় আৰু এটা বাউণ্ডেৰীৰে নিজৰ অর্ধশতৰাণ সম্পূৰ্ণ কৰাৰ লগতে ৰাজস্থানকো বিজয়ী কৰায়।

তেওঁৰ ইনিংছটোত আছিল পাঁচটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰ। উল্লেখ্য যে ৰিয়ানে এই পর্যন্ত তিনিখন মেচৰ পৰা ১৮১ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে ৰিয়ানে বিৰাট কোহলিক চেৰ পেলাই আজুৰি আনিলে সন্মানীয় ‘অৰেঞ্জ কেপ’। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ।

উল্লেখযোগ্য ,আইচিচি টি টুৱেণ্টি বিশ্বকাপৰ পূৰ্বে ৰিয়ান পৰাগৰ দুৰ্দান্ত ফৰ্মে টিম ইণ্ডিয়াত তেওঁ স্থানলাভৰ বাবে প্ৰৱল দাবীদাৰ হৈ পৰিছে ৷

সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এক ৰাজকীয় ইনিংছ খেলি ৰিয়ান পৰাগে ৩৯টা বলত ৪ টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৫৪ ৰান সংগ্ৰহৰে অপৰাজিত হৈ থাকে ।

আনহাতে ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰজায়েণ্টছৰ বিৰুদ্ধেও ৪৩ ৰান আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৪৫টা বলত ৭টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৮৪ ৰানৰে অপৰাজিত ইনিংছৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল ৷

Exit mobile version