gibbon 1

Aaranyak:বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত গিবন সংৰক্ষণৰ প্ৰশিক্ষণ

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ গিবন সংৰক্ষণ কেন্দ্ৰত হলৌ গিবন সংৰক্ষণ কৌশল সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰে।

অসমত গিবন সম্পৰ্কীয় গৱেষণা, প্ৰশিক্ষণ আৰু সংৰক্ষণ বিষয়ক কাম-কাজৰ বাবে অসমৰ বন বিভাগৰ যোৰহাট বন সংমণ্ডলৰ সহযোগত আৰু “দ্যা হেবিটেত ট্ৰাষ্টছ”, “আই ইউ চি এন এছ এছ চি প্ৰাইমেট স্পেচিয়েলিষ্ট গ্ৰুপ” আৰু “আই ইউ চি এন প্ৰাইমেট ছেকশ্যন অৱ স্মল এপছ”ৰ সহায়ত ২৮ মাৰ্চত আৰম্ভ কৰা এই প্ৰশিক্ষণ ২ এপ্ৰিলত সমাপ্ত হয় য’ত মুঠ ২৯ জন ফ্ৰণ্টলাইন বন কৰ্মীয়ে অংশগ্ৰহণ কৰিছে ।

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী আৰু প্ৰখ্যাত প্ৰাইমেট বিশেষজ্ঞ (প্ৰাইমেট’লজিষ্ট) ড০ দিলীপ চেত্ৰীয়ে কয়, “হলৌ গিবনৰ প্ৰজাতি, পশ্চিমীয়া হলৌ গিবন (Hoolock Hoolock) উত্তৰ-পূব ভাৰততহে পোৱা যায় । দিবাং–ব্ৰহ্মপুত্ৰ নদী প্ৰণালীৰ দক্ষিণ পাৰৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যতে ইয়াৰ বিচৰণভূমি সীমাবদ্ধ।”

ড: চেত্ৰীয়ে কয় যে দুৰ্ভাগ্যজনকভাৱে বাসস্থানৰ খণ্ডিতকৰণ আৰু চিকাৰে ভাৰতত গিবনৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে । ইয়াৰ লগতে অসমৰ বন বিভাগৰ ফ্ৰন্টলাইন কৰ্মীসকলকে ধৰি ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত এই প্ৰজাতিটোৰ বিষয়ে বুনিয়াদী তথ্য আৰু সংৰক্ষণৰ প্ৰতি সজাগতাৰ অভাৱ এই প্ৰজাতিটোৰ সংৰক্ষণৰ ক্ষেত্ৰত আন এক ডাঙৰ বাধা হৈ দেখা দিছে ।

সপ্তাহজোৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ, উত্তৰ-পূব ভাৰতত প্ৰাইমেট সংৰক্ষণ, গিবন পিয়ল বা সংখ্যা অনুমান, গিবনৰ তথ্য সংগ্ৰহ, সংৰক্ষন আৰু প্ৰতিবেদন প্ৰস্তুতকৰণ, ফুল অধ্যয়নৰ কৌশল, গিবনৰ বাসস্থানৰ বৈশিষ্ট্য আৰু পুনৰুদ্ধাৰ, সংখ্যা আৰু বাসস্থান নিৰীক্ষণ, গিবন উদ্ধাৰ আৰু পুনৰ সংস্থাপন, গ্ল’বেল পজিচনিং চিষ্টেম (জি পি এছ) আৰু কৰ্মক্ষেত্ৰত ব্যৱহাৰ আৰু আইনী সজাগতা (বন্যপ্ৰাণী আইন আৰু ইয়াৰ প্ৰয়োগ) আদি বিস্তৃত বিষয় সামৰা হৈছে ।

এই পাঠ্যক্ৰমত অংশগ্ৰহণকাৰীসকলে প্ৰাইমেট’লজীৰ মৌলিক নীতিসমূহৰ বিষয়ে জ্ঞান লাভ কৰাৰ লগতে ক্ষেত্ৰভিত্তিক গৱেষণা পদ্ধতি আৰু কৌশলৰো হাতে কামে অভিজ্ঞতা লাভ কৰে।

যোৰহাট বন সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া আই এফ এছ নন্দ কুমাৰে প্ৰশিক্ষণৰ প্ৰথমটো কাৰ্যসূচী উদ্বোধন কৰে। প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনাই কুমাৰে কয় যে এই ধৰণৰ প্ৰশিক্ষণে ফ্ৰণ্টলাইন কৰ্মচাৰীসকলক জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অধিক সহায় কৰিব ।

দক্ষিণ এছিয়া শাখাৰ আই ইউ চি এন এছ এছ চি প্ৰাইমেট বিশেষজ্ঞ গোটৰ উপাধ্যক্ষ ড: চেত্ৰীয়ে কয়, “বনাঞ্চলত অক্লান্তভাৱে কাম কৰা ফ্ৰন্ট লাইন বন কৰ্মীসকল গিবন সংৰক্ষণ কৌশলৰ বিষয়ে অৱগত হোৱাটো অতি প্ৰয়োজন। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমত সংৰক্ষণৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ আমি অসমৰ গিবন সংৰক্ষণৰ বাবে ফ্ৰণ্টলাইন বনকৰ্মীসকল বিশেষকৈ বনৰক্ষী, বনকৰ্মী আৰু ৰেঞ্জ বিষয়াসকলৰ বাবে এই ধাৰাবাহিক প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছোঁ।”

আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰো মুৰব্বী ড০ চেত্ৰীয়ে প্ৰশিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণ জৈৱ বৈচিত্ৰ্য, বিশেষকৈ গিবন সংৰক্ষণৰ বিষয়ে জ্ঞান বৃদ্ধিৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। উদ্বোধনী অধিৱেশনত মৰিয়নীৰ ৰেঞ্জ বিষয়া অনিমেশ মেধিয়েও বক্তব্য ৰাখে । আৰণ্যকৰ মৃদুপৱন ফুকন, অক্ষয় উপাধ্যায়, সীমান্ত মেধি, আৰু প্ৰীতম জ্যোতি গোৰে প্ৰশিক্ষণৰ সমন্বয়কৰ ভূমিকা পালন কৰে ।

Exit mobile version