North Korean Leader Kim Jong-Un Has Test-Fired a Ballistic Missile:
উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে আকৌ এবাৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰিলে। এইবাৰ উত্তৰ কোৰিয়াই দেশখনৰ পূবৰ উপকূলীয় জলক্ষেত্ৰৰ পৰা মধ্যম দূৰত্বভেদী ক্ষমতাসম্পন্ন বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন কৰিলে।
ADVERTISEMENT
দক্ষিণ কোৰিয়াৰ সেনাবাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে। উত্তৰ কোৰিয়াই পুনৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা চলোৱাত কোৰিয়া উপদ্বীপত উত্তেজনা বৃদ্ধি পালে। দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ এনে কাৰ্যৰ পূৰ্বৰে পৰা তীব্ৰ বিৰোধিতা কৰি আহিছে।
ছিউলৰ অভিযোগ অনুসৰি, কোৰিয় উপদ্বীপত যুদ্ধসদৃশ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে কীমৰ দেশখনে ক্ষেপণাস্ত্ৰৰ ধাৰাবাহিক পৰীক্ষণ চলাই আহিছে।