They Make Their Living By Making Gamocha-Assamese Traditional Textiles Throughout The year:
সমাগত ৰঙালী বিহুৰ বাবে চেনেহৰ গামোচাখন বৈ উলিয়াবলৈ শিপিনীৰ গাত এতিয়া তত নাই। এই একেই সময় নোহোৱা হৈছে বৰপেটা জিলাৰ কে’বাখনো গাঁৱৰ বাসিন্দাৰ। জিলাখনৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ ভক্তৰদবাৰ হেলচাপাম, পিঠাদি আদিকে ধৰি কে’বাখনো গাঁৱৰ পুৰুষ-মহিলাসকল এতিয়া নিজৰ নিজৰ শালত উশাহ নোপোৱাকৈ ব্যস্ত।
এই ব্যস্ততা অৱশ্যে গাঁওকেইখনত বছৰৰ সকলো সময়তে থাকে। বিহুৰ সময়ত সেয়া কেৱল তুংগত উঠে। উল্লেখ্য যে ধর্মীয় সংখ্যালঘু লোকৰ বসতি এই গাঁওকেইখনত ঘৰে ঘৰে আছে তাঁতশাল। গাঁওকেইখনৰ অধিকাংশ পুৰুষ-মহিলাই শাল বব জানে। গোটেই বছৰজুৰি তেওঁলোকে সেই শালত অসমীয়া ফুলাম গামোচা, অসমীয়া মেখেলা-চাদৰ, অসমীয়াৰ বিভিন্ন ৰীতি-নীতিত ব্যৱহাৰ হোৱা ভিন ভিন বস্ত্র আদি বৈ উলিয়ায়।
অন্য উপার্জনমুখী কোনো কাম তেওঁলোকে নকৰে। গতিকে গোটেই বছৰ জুৰি তেওঁলোক শালৰ কামত ব্যস্ত থাকে। ৰঙালী বিহু আৰু বিবাহৰ শুভ মাহবোৰত সেই ব্যস্ততা যথেষ্ট বাঢ়ে। কাৰণ দোকানবোৰৰ পৰা লাভ কৰা অৰ্ডাৰবোৰ সময়মতে শেষ কৰিব লাগে।
হেলচাপামৰ মহম্মদ আলীৰ ঘৰত দুখন শাল আছে। পত্নী আৰু তেওঁ শাল দুখনত বহে। আলীয়ে জনায় যে গোটেই বছৰ জুৰি তেওঁলোকে বিভিন্ন আকাৰৰ গামোচা বয়। তদুপৰি মেখেলা-চাদৰো বয়। বছৰত এহেজাৰৰো অধিক গামোচা বৈ উলিয়াই বুলি জনোৱা আলীয়ে কয়, ‘বিহুৰ সময়ত আমাৰ ব্যস্ততা স্বাভাৱিকতে বাঢ়ে। দোকানৰ লগতে আমাৰ পৰা গামোচা কিনি নিয়া মহাজনৰ পৰা অৰ্ডাৰ আহে। অৰ্ডাৰ মতে আমি বিভিন্ন আকাৰৰ গামোচা ববলগীয়া হয়।’
আলীয়ে জনায় যোৱা ৪০ বছৰে তেওঁ এই বয়ন শিল্পৰ লগত জড়িত হৈ আছে। এই শিল্পৰ ওপৰতে তেওঁৰ পৰিয়াল চলে। খেতি অথবা উপাৰ্জনৰ অন্য পথ তেওঁলোকৰ নাই। তাঁতশালত দৈনিক পাঁচখনকৈ হাত গামোচা বৈ উলিওৱা হয় বুলিও আলীয়ে সদৰী কৰে। তেওঁ লগতে কয় যে আকাৰ আৰু প্ৰকাৰ ভেদে একোখন গামোচা এশ, ডেৰশ টকাত বিক্ৰী কৰে। অৱশ্যে তেওঁলোকৰ পৰা এই দৰত কিনি নিয়া ব্যৱসায়ীসকলে খুচুৰা বজাৰত নিজৰ ইচ্ছানুসৰি দাম বৃদ্ধি কৰাৰ অভিযোগ আছে। প্রসংগক্রমে আলীয়ে কয় যে তেওঁ সকলো প্রয়োজনীয় সূতা বৰপেটাৰ বজাৰৰ পৰা ক্ৰয় কৰি আনে।
সূতাৰ দাম সঘনে বৃদ্ধি হোৱাটোৱে তেওঁলোকক যথেষ্ট সংকটত পেলাইছে। সূতাৰ দাম বাঢ়ি যোৱাত গামোচাৰ দামো বৃদ্ধি হৈছে। তেনেক্ষেত্রত অধিক দামত সাধাৰণ গ্রাহকে হাতে বোৱা গামোচা কিনিব নোখোজে। গ্রাহকৰ অসুবিধাৰ সেই সুযোগ অসমৰ বাহিৰৰ গামোচা ব্যৱসায়ীয়ে লৈ আহিছে। হেলচাপামৰে আন এজন পুৰুষ শিপিনী হ’ল মতিয়াৰ ৰহমান।
গামোচাৰ উপৰি ৰহমানে বিশেষভাৱে আন কেধাপ্ৰকাৰৰ অসমীয়া পৰম্পৰাগত বস্তু তৈয়াৰ কৰে। সেইবোৰৰ ভিতৰত অন্যতম হ’ল অসমীয়া দৰা-কইনাই বিবাহৰ সময়ত ব্যৱহাৰ কৰা বস্ত্ৰ, কঠৰ ওপৰত পাৰি লোৱা বস্ত্ৰ আৰু নৱজাতকৰ গাত দিয়া কাপোৰ। গাঁওখনৰে ফুলবানু নামৰ মহিলা শিপিনীগৰাকীয়েও কয় যে তেওঁ গোটেই বছৰজুৰি কেৱল গামোচাই বয়। সেই গামোচা বিক্ৰী কৰিয়েই তেওঁৰ ঘৰ চলে।
নিজৰ একমাত্র হাতশালখনত দিনটোৰ বেছি সময় ব্যস্ত থকা ফুলবানুৰো বিহুৰ বাবে মাত লগাবলৈ সময় নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। শিপিনীগৰাকীয়ে কয় যে মাজতে কেইবছৰমান তেওঁলোকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আছিল। এতিয়াও সেই প্রত্যাহ্বান একেবাৰে শেষ হৈ যোৱা নাই। তেওঁ কয়, বাহিৰৰ পৰা অহা গামোচাৰ বাবে আমাৰ গামোচা মানুহে নিকিনা হৈছিল।
কাৰণ সেইবোৰ গামোচা আমাৰ তুলনাত যথেষ্ট কম দামত পোৱা যায়।’ সেই পৰিৱেশ এতিয়া আগতকৈ যথেষ্ট কমিছে। একাংশ গ্রাহকেও তেনে গামোচা পছন্দ নকৰা হৈছে। প্ৰতিগৰাকী শিপিনীয়ে আক্ষেপেৰে জনায় যে সূতাৰ বৰ্ধিত মূল্যৰ বিপৰীতে তেওঁলোকে কাপোৰ বিক্ৰী কৰি পৰ্যাপ্ত দাম নাপায়।
তদুপৰি চৰকাৰৰ পৰাও আজিলৈকে কোনো ধৰণৰ সাহায্য পোৱা নাই। হস্ততাঁত-বস্ত্রশিল্প বিভাগৰ সূতা বেংক থকাৰ কথাও তেওঁলোকে নাজানে। এই প্রসংগতে বৰপেটা জিলা হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ কাৰ্যালয়ৰ বিষয়াৰ সূত্ৰই জনায় যে কে’বাবছৰ পূৰ্বে বিভাগৰ পৰা গাঁওকেইখন পৰিদৰ্শন কৰা হৈছিল। তেতিয়া নামমাত্র দুই-এক শিপিনীয়ে মেচিনৰ ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছিল।
যিহেতু অসম চৰকাৰৰ বিভাগটো হস্ততাঁতৰ লগতহে জড়িত, সেয়েহে মেচিনৰ কামত সহযোগিতা কৰা নহয়। ইয়াৰ বিপৰীতে বাস্তৱত গাঁওকেইখনৰ বয়ন শিল্পৰ লগত জড়িত অধিকাংশ শিপিনীয়ে হাতেৰেহে শাল বয়। মেচিন ক্রয় কৰিবলৈ তেওঁলোকৰ আৰ্থিক সম্বলেই নাই।