CM’s Signature Forged:State BJP Files Case:মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰে নিৰ্বাচনী অপপ্ৰচাৰ দুষ্ট চক্ৰৰ

এজাহাৰ দাখিল ৰাজ্যিক বিজেপিৰ আইন কোষৰ

sankardev kalakhetra

CM’s Signature Forged:State BJP Files Case:

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ চহী জালিয়াতি কৰি কোনো দুষ্ট চক্ৰই বিজেপিৰ পৃষ্ঠাপ্রমুখ, বুথ সমিতি, ৱাৰ্ড সদস্য, পঞ্চায়ত প্রতিনিধি, জিলা পৰিষদৰ সদস্য, বিধায়ক আৰু সাংসদ সকললৈ ভোট গ্রহণৰ দিনা সকলো ভোট গ্রহণ কেন্দ্রলৈ অহা প্রতিজন ভোটাৰৰ ভোট দানৰ সঠিক সময় লিখি ৰাখিবলৈ নিদের্শনা দিয়াৰ লগতে তথ্য প্রযুক্তি ব্যৱহাৰ কৰি কোনজন ব্যক্তিয়ে কাক ভোট দিছে উলিয়াই লৈ ভৱিষ্যতে বিৰোধীক ভোট দিয়া সকলক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰাৰ ভিত্তি প্ৰদৰ্শন কৰি এক বাৰ্তাৰ সামাজিক মাধ্যমত কোনো অচিনাক্ত দুষ্ট চক্ৰই প্ৰচাৰ কৰি মুখ্যমন্ত্ৰী গৰাকীক ভাৱমূৰ্তি ম্লান কৰিবলৈ চেষ্টা কৰাৰ লগতে নির্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি আজি ৰাজ্যিক বিজেপিৰ আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে স্থানীয় বশিষ্ঠ থানাত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ লগত মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি প্ৰেৰণ কৰা বাৰ্তাটো সংলগ্ন কৰে। ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ সৈতে ৰাজ্যিক আইন কোষৰ আহ্বায়কজনে বশিষ্ঠ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰি অচিনাক্ত দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা ল’বৰ বাবে আহ্বান জনায়।

ৱৱ উল্লেখ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী জনৰ বক্তব্যক অপভ্ৰষ্ট কৰি বিৰোধী ৰাজনৈতিক দলৰ একাংশ সদস্যই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্রমূলকভাৱে অপপ্ৰচাৰ কৰা দেখা গৈছে আৰু এই সন্দৰ্ভত পূর্বেও অভিযোগ দাখিল কৰিছে।

Exit mobile version