Guwahati Burning Car:নিশা মহানগৰীৰ ৰাজপথত দাওদাওকৈ জ্বলি উঠিল চুইফট ডিজায়াৰ বাহন

fire

Guwahati Burning Car:

সদাব্যস্ত মহানগৰীৰ ৰাজপথত নিশা দাওদাওকৈ জ্বলি উঠিল এখন চুইফট ডিজায়াৰ বাহন ।

গনেশগুৰি উৰণসেঁতুৰ সমীপতে সংঘটিত এই ঘটনাৰ পাছতে দিছপুৰস্থ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডত বাহন খন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

আনহাতে ,ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ আৰক্ষীয়ে যান্ত্রিক বিজুতিৰ বাবেই বাহনখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

Exit mobile version