Kaziranga National Park And Tiger Reserve:কাজিৰঙাত দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ

এবছৰত সৰ্বাধিক সংখ্যক পৰ্যটকে দৰ্শন কৰিছে কাজিৰঙা

one horn

Kaziranga National Park And Tiger Reserve:

বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত পৰ্যটনবৰ্ষত দৰ্শনাৰ্থীৰ উপস্থিতি সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ গঢ়িছে ৷

আজি উদ্যান কৰ্তৃপক্ষই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে দেশী-বিদেশী উভয়ৰে ৩ লাখৰো অধিক পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিছে আৰু ২০২৩-২৪ চনত আনুমানিক ৰাজহ সংগ্ৰহ হয় প্ৰায় ৮.৮১ কোটি টকা।

২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৩,২৭,৪৯৩ গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিছিল। ইয়াৰে ৩,১৩,৫৭৪ জন ভাৰতীয় আৰু ১৩,৯১৯ জন বিদেশী দৰ্শনাৰ্থী আছিল। চলিত পৰ্যটন বিত্তীয় বৰ্ষত ৰাজহ হৈছে ৮,৮১,৮৪,১৬১ টকা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা প্ৰশাসনিক সংমণ্ডল আছে ৷ প্ৰশাসনিক সংমণ্ডল কেইটা হ’ল পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডল।

২০২২-২৩ বৰ্ষত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডললৈ মুঠ ৩,১০,৪৫৮ গৰাকী পৰ্যটক, নগাঁও বন্যপ্ৰাণী সংমণ্ডললৈ ২,৬১০ গৰাকী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডললৈ ১,৭২৮ গৰাকী পৰ্যটক আহিছিল।

কিন্তু ২০২৩-২৪ বৰ্ষত পূৰ্বাঞ্চল অসম বন্যপ্ৰাণী সংমণ্ডললৈ মুঠ ৩,২০,৯৬১ গৰাকী পৰ্যটক, নগাঁও বন্যপ্ৰাণী সংমণ্ডললৈ ৩,৪৮৪ গৰাকী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডললৈ ৩,০৪৮ গৰাকী পৰ্যটক আহিছিল।

২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিছত পুনৰ মুকলি হোৱা পৰ্যটনবৰ্ষৰ মূল আকৰ্ষণ আছিল জংঘল ছাফাৰী আৰু হাতী ছাফাৰী | কিন্ত শেহতীয়া নতুনকৈ সংযোজন কৰা হৈছিল আন এক বিকল্প ৷ কাৰ্বি-আংলঙত এটা চাইকেল ট্ৰেইলৰ সুযোগ যোগ কৰা হৈছে ৷

Exit mobile version