Byju Raveendran:এবছৰ পূৰ্বে আছিল ১৮ হেজাৰ কোটি টকাৰ মালিক, এতিয়া হ’ল সৰ্বহাৰা

কোন এই ৰবীন্দ্ৰন

byju

Byju Raveendran:

মাত্র এবছৰ পূর্বে বাইজু ববীন্দ্রনৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১৭,৫৪৫ কোটি টকা অর্থাৎ ২.১ বিলিয়ন মার্কিন ডলাৰ। অর্বুদপতিৰ তালিকাতো স্থান লাভ কৰিছিল ৰবীন্দ্রনে। কিন্তু সম্প্রতি প্রকাশিত ফব’ছ বিলিয়নেৰ ইনডেক্স ২০২৪ৰ তথ্য অনুসৰি, ৰবীন্দ্রনৰ মুঠ সম্পত্তিৰ পৰিমাণ শূন্যলৈ নামিল।

তালিকাৰ পৰা বাইজুৰ পতনৰ কথা উল্লেখ কৰি ফব’ছে এইদৰে উল্লেখ কৰিছে ‘যোৱা বছৰৰ তালিকাৰ পৰা এই বছৰত মাত্র চাৰিজন বাদ পৰিল, ইয়াৰ মাজত আছে প্রাক্তন এডটেক তাৰকা বাইজু ববীন্দ্রন।

তেওঁৰ প্রতিষ্ঠান বাইজু একাধিক সংকটৰ সম্মুখীন হৈছিল আৰু ইয়াৰ ফলত সংস্থাৰ মূল্য এক বিলিয়ন ডলাৰৰ তললৈ নামিল।’ ২০১১ত প্রতিষ্ঠিত বাইজুৰ ২০২২ত সর্বোচ্চ মূল্য আছিল ২২ বিলিয়ন ডলাৰ।

ৰবীন্দ্রনৰ এই সংস্থাটোৱে শিক্ষা ক্ষেত্রত বৈপ্লৱিক পৰিবৰ্তন আনিছিল। কিন্তু সাম্প্রতিক আর্থিক বিপর্যয় আৰু একাধিক বিতৰ্কৰ কাৰণত বাইজুৰ পতন ঘটিল।

Exit mobile version