Resign From Congress in Nagaon:নগাঁৱত কংগ্ৰেছৰ খহনীয়া অব্যাহত

পদত্যাগক লৈ নগাঁৱত ব্যাপক জোঁকাৰণি

congress

Resign From Congress in Nagaon:

ৰাজ্যৰ সৰ্বত্রে কংগ্ৰেছৰ খহনীয়া অব্যাহত থকাৰ মাজতে নগাঁও জিলা কংগ্ৰেছৰ বহু নেতা-কর্মীয়ে আজি দলটোৰ পৰা পদত্যাগ কৰা কাৰ্যই সমগ্ৰ জিলাখনৰ ৰাজনৈতিক ক্ষেত্ৰত জোঁকাৰণিৰ সৃষ্টি হৈছে।

কংগ্রেছ ত্যাগ কৰাসকলৰ ভিতৰত ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ বুলি জনাজাত নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ঈর্শ্বাদুল হক চৌধুৰীয়ে কংগ্ৰেছ ত্যাগ কৰা বুলি খবৰ ওলোৱাৰ পাছতেই কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট বিধানসভা সমষ্টিত দল ত্যাগৰ বিষয়টোক লৈ ব্যাপক চর্চা চলিছে।

চৌধুৰীৰ লগতে কংগ্রেছ ত্যাগ কৰাসকলৰ ভিতৰত উল্লেখযোগ্যসকল হৈছে গোপাল নাথ, প্রাক্তন সভাপতি, ধিং নিয়ন্ত্রিত বজাৰ সমিতি, লিয়াকৎ ৰাজা চৌধুৰী, সম্পাদক, নগাঁও জিলা কংগ্ৰেছ কমিটী, আবু সাহিদ, প্রাক্তন সভাপতি, বৰভেটি গাঁও পঞ্চায়ত, শ্ববনম ভূঞা, সম্পাদক নগাঁও জিলা কংগ্ৰেছ কমিটী, নিজামুল হক, সম্পাদক নগাঁও জিলা যুব কংগ্ৰেছ কমিটীৰ লগতে মতিবুৰ ৰহমান, প্রাক্তন সাধাৰণ সম্পাদক নগাঁও জিলা কংগ্ৰেছ কমিটী, ইজাজুল হক, সাধাৰণ সম্পাদক, জুৰীয়া ব্লক কংগ্ৰেছ কমিটী, মজিবুৰ ৰহমান, সভাপতি, পতিয়া চাপৰি ৰৌমাৰী গাঁও পঞ্চায়ত, জহিৰুল ইছলাম, সাধাৰণ সম্পাদক, জাৰামাৰী লাংগীয়া মণ্ডল কংগ্ৰেছ কমিটী, ৱাৰিফ সৰকাৰ, সাংগঠনিক সম্পাদক, জৰামাৰি লাংগিয়া মণ্ডল কংগ্ৰেছ কমিটী, এমৰান খান, ফাইজুল হক, ৰফিকুল হক।

নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ হাতত পদত্যাগপত্র দাখিল কৰা কংগ্ৰেছৰ নেতা-কর্মীসকলে ঈদৰ পাছতেই শাসকীয় বিজেপিত যোগদান কৰিব বুলিও জানিবলৈ দিয়ে একাংশ আজি দলত্যাগী কংগ্রেছীয়ে।

Exit mobile version