Prominent Writer- Educator Dr. Pranabjyoti Deka Passes Away:বিশিষ্ট সাহিত্যিক- শিক্ষাবিদ ড:প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাহিত্যিক- শিক্ষাবিদগৰাকী, ২০২৩বৰ্ষত লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা

passes away

Prominent Writer-Educator Dr.Pranabjyoti Deka Passes Away:

ৰাজ্যৰ প্ৰথিতযশা সাহিত্যিক- শিক্ষাবিদ ড: প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সাহিত্যিক গৰাকী শেহতীয়াকৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ চিকিৎসাধীন অৱস্থাতে ৮৫ বছৰ বয়সত আজি ইহলীলাসম্বৰণ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷

কে’বা খনো গল্প সংকলনৰ প্ৰণেতা প্ৰণৱজ্যোতি ডেকাই ২০২৩ বৰ্ষত প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ৰ বাবে লাভ কৰে ‘সাহিত্য একাডেমি বঁটা ৷

তেওঁ ৰছনা কৰা গল্প সংকলনৰ ভিতৰত একুৰি বছৰৰ গল্প,কৈলাশনাথ,বিহুৱতী চৰাই আৰু অন্যান্য গল্প আৰু‘সোণৰ চামুচ মুখত ৷

বিশিষ্ট সাহিত্যিক – শিক্ষাবিদ গৰাকীৰ মৃত্যুত অসমৰ সাহিত্যক্ষেত্ৰ খনত গভীৰ শোকৰ ছাঁ পৰে ৷ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান সহ সাহিত্যনুৰাগিমহলে তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

Exit mobile version