SBI ASST.Bank Manager from Manipur who looted Rs 2 crore & gold arrested in Delhi:মণিপুৰৰ এছবিআই বেংকৰ ধন আত্মসাৎ কৰা বেংক বিষয়াক দিল্লীত গ্ৰেপ্তাৰ

manipur 1

SBI ASST.Bank Manager from Manipur who looted Rs 2 crore & gold arrested in Delhi:

লোভেই পাপ,পাপেই মৃত্যু ৷ এই আপ্তবাক্য শাৰী প্ৰযোজ্য হৈছে এজন বেংক বিষয়াৰ ক্ষেত্ৰত ৷ চুবুৰীয়া মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ বিষ্ণুপুৰ শাখাত জ্যেষ্ঠ সহকাৰী প্ৰৱন্ধক ৰূপে কাৰ্যৰত লাইশ্রাম মনার্কে বেংকৰ পৰা প্ৰায় দুই কোটি টকা আৰু লকাৰৰ পৰা সোণ আত্মসাৎ কৰি ৩ এপ্ৰিলৰ আত্মগোপন কৰি আছিল ।

বেংক কৰ্তৃপক্ষই ইতিপূৰ্বে বিষ্ণুপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত মণিপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত বেংক বিষয়াজনে উত্তৰ দিল্লীত আত্মগোপন কৰাৰ তথ্য লাভ কৰি দিল্লী আৰক্ষীক জনাইছিল ।

মণিপুৰ আৰক্ষী পৰা পোৱা তথ্যৰ ভিত্তিত শুক্ৰবাৰে নিশা দিল্লী আৰক্ষীৰ ক্ৰাইম বাঞ্চে উত্তৰ দিল্লীৰ মাওৰি নগৰ আৰক্ষী থানাৰ সমীপৰ এটা অঞ্চলত অৰ্তকিতে অভিযান আটক কৰে বেংক বিষয়া লাইশ্রাম মনার্কক ৷

দিল্লী আৰক্ষীয়ে ধৃত মনার্কৰ পৰা নগদ দুই কোটি টকা আৰু ৫০ লাখ টকাৰ সোন জব্দ কৰে ৷

ইতিমধ্যে আজি পুৱাই মণিপুৰৰ বিষ্ণুপুৰ সদৰ থানাৰ এটা আৰক্ষী দল দিল্লী অভিমুখে ৰাওনা হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি,ধৃত বেংক বিষয়াজনক আজিয়ে দিল্লীৰ এখন আদালতত হাজিৰ কৰি মণিপুৰ আৰক্ষীয়ে নিজৰ জিন্মাত লৈ প্ৰত্যাৱৰ্তন কৰিব মণিপুৰ অভিমুখে ।

Exit mobile version