STF Raid In Amingaon Mariapatty Masjid:আমিনগাঁৱৰ মৰিয়াপট্টি জামে মছজিদত অভিযান এছটিএফৰ

আই এছ আই এছৰ লিংক বিচাৰি অভিযান তদন্তকাৰী গোটটোৰ

stf

STF Raid In Amingaon Mariapatty Masjid:

কামৰূপ গ্ৰাম্য জিলাৰ সদৰ আমিনগাৱঁত আজি অসম আৰক্ষীৰ এছটিএফৰ অভিযান ৷ মৰিয়াপট্টি জামে মছজিদত অৰ্তকিতে অভিযান চলাই চলায় এছটিএফে ৷

উল্লেখ্য যে,কেইদিনমান পূৰ্বে মহানগৰীৰ পানবজাৰৰ পৰা এছটিএফে গোপন সূত্ৰৰ পমখেদি আই এছ আই এছৰ স’তে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী আই আই টিৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী ৷

ইতিমধ্যে এছ টিএফৰ জিন্মাত থকা ফাৰুকীয়ে নিয়মীয়াকৈ গৈছিল মৰিয়াপট্টি জামে মছজিদ ৷ এই তথ্য লাভ কৰিছিল এছটিএফে ৷

সেই অনুসৰি আজি আই এছ আই এছৰ লিংক বিচাৰি অৰ্তকিতে অভিযান চলাই মছজিদটোত ৷

Exit mobile version