Assam Rifles and militants clash in Namdang, Margherita:মাৰ্ঘেৰিটাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাংলাং জিলাৰ নামডাং গেইটত প্ৰচণ্ড গুলীয়াগুলী

আছাম ৰাইফলছৰ বাহনত এম্বুশ্ব আলফা (স্বাঃ) ,তিনিটাকৈ গ্ৰেনেড বিস্ফোৰণত আছাম ৰাইফলছৰ তিনিখন বাহন ক্ষতিগ্ৰস্ত

magherita

Assam Rifles And Militants Clash in Namdang, Margherita:

লোকসভা নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাংলাং জিলাৰ নামডাং গেইটত আলফা স্বাধীনৰ এম্বুশ্ব ৷ চাৰিটাকৈ গ্ৰেনেড বিস্ফোৰণৰ ফলত আছাম ৰাইফলছৰ তিনিখন বাহন ক্ষতিগ্ৰস্ত হয় ৷

উল্লেখ্য যে,অসম-অৰুণাচলৰ সীমান্তৱৰ্তী নামদাঙৰ গভীৰ বনাঞ্চলত আলফা স্বাধীনৰ এটা দহজনীয়া দলে পৰিকল্পিতভাৱে বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰিছিল আছাম ৰাইফলছে ৷ সেই অনুসৰি আছাম ৰাইফলছৰ এটা দল তিনিখন বাহন লৈ আজি পুৱা আঠ বজাত নামদাঙ বনাঞ্চলত প্ৰৱেশ কৰাৰ মুহুততে পূৰ্বৰে খাপ পিটি থকা আলফা স্বাধীনৰ কেডাৰে নিৰ্বিচাৰ গুলীচালনা কৰাৰ লগতে তিনিটাকৈ গ্ৰেনেড বিস্ফোৰণ ঘটায় ৷ একেদৰে আছাম ৰাইফলছে গুলীৰে প্ৰত্যুত্তৰ দিয়ে ৷

আনহাতে দুই পক্ষৰ মাজত সংঘটিত হোৱা গুলীচালনাত আছাম ৰাইফলছৰ তিনিজনকৈ জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে আছাম ৰাইফলছৰ কে’বাখনো বাহনত অহা জোৱানে নামদাং বনাঞ্চলৰ চাৰিও দিশে ঘেৰাও কৰি আলফা স্বাধীনৰ কেডাৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী নামদাঙৰ গভীৰ অৰণ্যত আলফা স্বাধীন সহ বহু কেইটা বিদ্ৰোহী সংগঠনে সুৰক্ষিত অঞ্চল হিচাপে বাহৰ পাতি নিজৰ কুজকাৱাজ অব্যাহত ৰাখিছিল ৷

Exit mobile version