Dry Day In kamrup Metro:১৭ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ কামৰূপ মেট্ৰ’ জিলাত ড্ৰাই ডে’ ঘোষণা

dry day

Dry Day In kamrup Metro:

কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ১৭ এপ্ৰিলৰ বিয়লি চাৰিবজাৰ পৰা ১৯ এপ্ৰিললৈ গুৱাহাটী সহ সমগ্ৰ কামৰূপ মেট্ৰ’ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে ৷১৯ এপ্ৰিলৰ সন্ধিয়া ভোটগ্রহণ অন্ত পৰালৈকে অব্যাহত থাকিব নিষেধাজ্ঞা

এই সময়ছোৱাত সকলো পাইকাৰী, গুদামযুক্ত, বণ্ডেড গুদাম, আই এম এফ এলৰ খুচুৰা, মাইক্ৰ’ব্ৰুৱেৰী, এম্ড কান্ট্ৰী স্পিৰিট দোকান বন্ধ থাকিব।

উল্লেখ্য যে,চুবুৰীয়া মেঘালয়ত লোকসভাৰ প্ৰথম পৰ্যায়ৰ নির্বাচন উপলক্ষ্যে এই নির্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

Exit mobile version