Jogighopa:যোগীঘোপাত অশোকাষ্টমী মেলাত অঘটন

Jogighopa:যোগীঘোপাত অশোকাষ্টমী মেলাত অঘটন ব্রহ্মপুত্রত গা ধুবলৈ যাওতে ডুব গ'ল এজন যুৱক

jugighopa

Jogighopa:

সমগ্ৰ ৰাজ্যৰ লগতে যোগীঘোপাতো আজি পালন কৰা হয় অশোকাষ্টমী । যোগীঘোপাত আয়োজিত অশোকাষ্টমী মেলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ অশোকাষ্টমী উপলক্ষ্যে ব্রহ্মপুত্রত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন যুৱকৰ ৷ মৃত যুৱকজন ধূপধৰাৰ খুঁটাবাৰীৰ বিপুল বিশ্বাস ৷ আনহাতে নদীত গা ধুবলৈ গৈ ডুবিবলৈ ধৰা মুহূৰ্তত প্ৰত্যক্ষদৰ্শীৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ হয় দেৱজিৎ বিশ্বাস নামৰ আন এজন যুৱক ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এই শোকাৱহ ঘটনাই সকলোকে শোকাহত কৰি তুলিছে ৷

Exit mobile version