Rain In Guwahati:ৰাতিপুৱাই অন্ধকাৰময় হৈ পৰিল গুৱাহাটী

এজাক মুষলধাৰ বৰষুণৰ পিছত পাতল ৰ'দ, ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনা

ghu

Rain In Guwahati:

আজি বহাগ বিহুৰ চতুৰ্থ দিন ৷ ৰাজ্যৰ চৌদিশে বিহুৰ আনন্দ- উছাহৰ মাজতে আজি পুৱাতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰে মুষলধাৰ বৰষুণ
গুৱাহাটী মহানগৰ ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত ৰাতিপুৱাই অন্ধকাৰময় হৈ পৰে ৷ হঠাৎ কলীয়া ডাৱৰে আৱৰি ধৰাত আন্ধাৰে গ্ৰাস কৰিলে মহানগৰী। পথত যান-বাহনসমূহে লাইট জ্বলাই চলাচল কৰিবলগীয়া অৱস্থা। ইয়াৰ পিছতে বিজুলী- ঢেৰেকনিৰে আহে এজাক বৰষুণ । অৱশ্যে ৯ বজাৰ পিছত বতৰ স্বাভাৱিক হৈ পৰে ৷ বৰষুণ নাই যদিও বতৰ গোমা হৈ থাকে ৷

গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে মঙলবাৰ আৰু বুধবাৰে ৰাজ্যত অব্যাহত থাকিব বৰষুণ । প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ২৯ খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত ঘণ্টাত ৪০ কিঃমিঃ বেগেৰে আহিব পাৰে বতাহ ৷ অসম সহ উত্তৰ-পূবৰ সকলো ৰাজ্যতে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি ১৭,১৮ আৰু ১৯ এপ্ৰিলত হালধীয়া এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

আনহাতে আজি পুৱা বৰপেটাত প্ৰচণ্ড ধুমুহা-বৰষুণে স্বাভাৱিক জীৱনযাত্ৰা ব্যহত কৰে ৷ জিলাখনৰ বহু কেইটা অঞ্চলত হোৱা প্ৰচণ্ড ধুমুহাই তচনচ কৰে বহু ঘৰ- দুৱাৰ । উঘালি পৰে বহু গছ-গছনি ৷

Exit mobile version