64 Per Cent of The Country’s Voters Wanted Modi as PM Again:দেশৰ ৬৪ শতাংশ ভোটদাতাই মোদীকে পুনৰ প্ৰধানমন্ত্ৰী বিচাৰিলে

modi 1 1

64 Per Cent of The Country’s Voters Wanted Modi as PM Again:

লোকসভাৰ প্রথম পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত দুদিন থকাৰ সময়তে এক সমীক্ষাত দেশৰ ৬৪ শতাংশ লোকে নৰেন্দ্ৰ মোদীকে পৰৱৰ্তী প্রধানমন্ত্রী হিচাপে বিচাৰে বুলি দাবী কৰা হৈছে। ডেইলীহাণ্টৰ ট্রাষ্ট অব দ্য নেচন ২০২৪ সমীক্ষাত অংশ লোৱা লোকসকলৰ ৬৪ শতাংশৰ মতে তেওঁলোকে পৰৱৰ্তী প্রধানমন্ত্রী হিচাপে মোদীক বিচাৰে। আনহাতে, সমীক্ষাত অংশ লোৱা ৬৩ শতাংশৰ মতে, এনডিএৰ মৰ্চা ক্ষমতালৈ পুনৰ ওভতি অহাটো নিশ্চিত।

দেশৰ ১১ টা ভাষাত এই সমীক্ষা চলোৱা হৈছিল আৰু প্রায় ৭৭ লাখ লোকৰ মতামত গ্ৰহণ কৰা হৈছিল। এই সমীক্ষাত অংশ লোৱা প্রতি পাঁচজনৰ তিনিজনৰ মতে মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব। ৰাহুল গান্ধী প্রধানমন্ত্রী হ’ব বুলি মত প্রকাশ কৰিলে মাত্র ২১.৮ শতাংশই। দিল্লীত ৫৭.৭ শতাংশই মোদীক, ২৪.২ শতাংশই ৰাহুল আৰু ১৩.৭ শতাংশই যোগী আদিত্যনাথক দেশৰ পৰৱৰ্তী প্রধানমন্ত্রী হিচাপে বিচাৰিলে।

উত্তৰ প্ৰদেশৰ ৭৮.২ শতাংশই মোদীক আৰু ১০ শতাংশই ৰাহুলক প্রধানমন্ত্রী বিচাৰে। পশ্চিমবংগত ৬২.৬ শতাংশই মোদীক, ১৯.৬ শতাংশই ৰাহুলক, ১৪.৮ শতাংশই মমতা বেনার্জীক প্রধানমন্ত্রী হিচাপে বিচাৰে।

Exit mobile version