Assam Aap Pressmeet:ডিব্ৰুগড় আৰু শোণিতপুৰত আপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান ডা: ভবেন চৌধুৰীৰ

মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্য জয়ী হ'লে সংসদত অসমৰ স্বাৰ্থত মাত মাতিব, আপক অভূতপূৰ্ব সমৰ্থনৰ বাবে আতিশী-ভগৱন্ত মানৰ কৃতজ্ঞতা অসমবাসীলৈ

aap scaled

Assam Aap Pressmeet:

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে। দলীয় কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত ডা:চৌধুৰীয়ে কয় যে আপে লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী প্ৰতিশ্ৰুতি মুকলি কৰিছে আৰু অসমৰ প্ৰতিটো জ্বলন্ত সমস্যা সংসদৰ মজিয়াত দৃঢ়ভাৱে উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে অসমক গুৰুত্ব প্ৰদান কৰি অসমৰ চৰকাৰীখণ্ডৰ শিক্ষা, স্বাস্থ্যসেৱা, নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন, বান ব্যৱস্থাপনা, চাহ শ্ৰমিকৰ মজুৰিকে ধৰি ভূমি পট্টা প্ৰদান, কেঁচা চাহপাতৰ নূন্যতম সমৰ্থন মূল নিৰ্ধাৰণ, ইত্যাদি সমস্যাসমূহ পূৰণৰ গেৰাণ্টী প্ৰদান কৰিছে। তদুপৰি নাগৰিকত্ব সংশোধনী আইন (চমুকৈ ‘কা’) ই অসমৰ ভাষা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব বুলি বিজেপি চৰকাৰক সকীয়াই দিয়াৰ লগতে অৰবিন্দ কেজৰিৱালে সদনৰ বাহিৰে-ভিতৰে এই আইনৰ বিৰোধ কৰি যাব বুলি অসমবাসীক নিশ্চিতি প্ৰদান কৰিছে।

লোকসভা নিৰ্বাচনৰ আম আদমি পাৰ্টীৰ দুই প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হৈ ইতিমধ্যে প্ৰচাৰ চলাই গৈছে আপৰ নেত্ৰী তথা দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশী, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ লগতে কেইবাগৰাকীও নেতাই। আম আদমি পাৰ্টীৰ প্ৰতি ডিব্ৰুগড়বাসী তথা শোণিতপুৰবাসীৰ মৰম দেখি ৰাষ্ট্ৰীয় নেতাকেইজন আপ্লুত হৈছে আৰু অসমবাসীক তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। ডা:চৌধুৰীয়ে কয় যে তেওঁৰ জৰিয়তে ৰাজ্যবাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ ৰাষ্ট্ৰীয় নেতা দুগৰাকীয়ে নিৰ্দেশ দিছে। অসমৰ জনতাৰ অভূতপূৰ্ব সঁহাৰি দেখি ২০২৬ত অসমত আম আদমি পাৰ্টীৰ চৰকাৰ হ’ব বুলি তেওঁলোকে ঘোষণা কৰি থৈ গৈছে ।
এই নিৰ্বাচনত অসমৰ পৰা আপৰ দুই প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্য বিজয়ী হৈ গ’লে অসমবাসীয়ে অৰবিন্দ কেজৰিৱালৰ দুই যোদ্ধা লাভ কৰিব। তেওঁলোকে অসমৰ সমস্যাসমূহৰ ক্ষেত্ৰত দৃঢ়ভাৱে মাত মাতি যাব।

বিজেপিৰ সংকল্প-পত্ৰ সন্দৰ্ভত তেওঁ কয় যে আম আদমি পাৰ্টীৰ পৰা বিজেপিয়ে ‘গেৰাণ্টী’ শব্দটো চুৰি কৰি ব্যৱহাৰ কৰিলেও তেওঁলোক যে মিথ্যাচাৰী দল, সি কথা জনতাই ইতিমধ্যে বুজি পাইছে। ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোডীয়ে দেশবাসীক বহু প্ৰতিশ্ৰুতি দিলে। ভাৰতক ছুপাৰ পাৱাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিল। কিন্তু এই প্ৰতিশ্ৰুতি কি হ’ল? পৰৱৰ্তী সময়ত বিজেপিয়ে প্ৰতিশ্ৰুতি দিলে ভাৰত ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হ’ব।

সেইটো প্ৰতিশ্ৰুতি কি হ’ল? ২০২২ চনৰ ভিতৰত সকলো ভাৰতীয়ৰ পকী ঘৰ হ’ব, কৃষকৰ আয় দুগুণ হ’ব, ছুইচ বেংকৰ পৰা ক’লাধন আনি প্ৰতিজন লোকৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা সোমোৱাই দিব, প্ৰতি বছৰে ২ কোটি নিবনুৱাক কৰ্মসংস্থাপন দিব, অসমৰ পৰা বিদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব বুলি কোৱা বিজেপিয়ে ২০২৪তো এটাও প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে।

ভাৰতক ছুপাৰ পাৱাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপিয়ে এইবাৰ ২০৪৭ চনতহে ভাৰতক ছুপাৰ পাৱাৰ কৰিব বুলি ক’বলৈ ধৰিছে। অকৰ্মণ্য, অদক্ষ বিজেপিয়ে এনেকৈ লক্ষ্যবৰ্ষ পিচুৱাই লৈ যোৱাৰ কাৰণ দেশবাসীয়ে বুজি পাইছে বুলি মন্তব্য কৰি ডা: চৌধুৰীয়ে কয় যে এই নিৰ্বাচনত বিজেপিক দেশৰ জনতাই উৎখাত কৰিব।

সংবাদমেলত আপ অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা মুখপাত্ৰ হেমন্ত ফুকন আৰু ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাও উপস্থিত থাকে।

Exit mobile version