Hujai:মুখ্য নিৰ্বাচনী বিষয়াৰ হোজাই জিলা পৰিদৰ্শন

hujai

Hujai:

ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুুুৰাগ গোৱেল, আই এ এছে ১০নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোজাই জিলা নিৰ্বাচনৰ বাবে নিৰ্বাচনী কাম-কাজ তদাৰক কৰিবলৈ আজি হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্হিত হয়।

মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্হিত হৈ জিলা নিৰ্বাচনী বিষয়া লাচিত কুমাৰ দাস, জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, অতিৰিক্ত জিলা আয়ুক্ত জয়শংকৰ শৰ্মা,বনি ইনাম ছাদ্দব, সোনাক্ষী ব্ৰহ্ম, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ সুত্ৰধৰ , নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকা, সহকাৰী আয়ুক্ত সকল, ভাৰপ্ৰাপ্ত জিলা জনসংযোগ বিষয়া ৰাখিশ্ৰী লেখাৰু, চক্ৰ বিষয়া সকলৰ লগতে আন আন বিষয়া সকলৰ সহিতে কাৰ্যালয়ত চলি থকা নিৰ্বাচনৰ কাম- কাজ সমুহ পৰিদৰ্শন কৰে।

তেখেতে বিশেষকৈ ইভিএম ষ্ট্ৰং ৰুম, মেটেৰিয়েল কোষ, পৰিবহন কোষকে ধৰি স্হাপন কৰা নিৰ্বাচনৰ লগত জড়িত আন আন কোষ সমুহো পৰিদৰ্শন কৰে। মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে জিলা নিৰ্বাচনী বিষয়া তথা আন বিষয়া সকলৰ লগত নিৰ্বাচন সংক্ৰান্তীয় কামৰ বিষদ আলোচনা কৰে। তেখেতে হোজাই জিলাৰ নিৰ্বাচনী প্ৰস্তুতিৰ সম্পৰ্কে সন্তুষ্টি প্ৰকাশ কৰি পুনৰ ৰাওনা হয়।

Exit mobile version