Meghalaya Incident:মেঘালয়ত দুৰ্বৃত্তই জীৱন্তে জ্বলালে গোৱালপাৰাৰ তিনি যুৱকক

burn car

Meghalaya Incident:

চুবুৰীয়া মেঘালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ গোৱালপাৰাৰ তিনি যুৱকক বাহনসহ জ্বলাই হত্যা কৰিলে দুৰ্বৃত্তই ৷ পাৰ্বত্য ৰাজ্য খনৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাচিত মঙলবাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড

প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে গোৱালপাৰাৰ দলগোমাৰ জমৰ আলী, নুৰ মহম্মদ সহ আন এজন যুৱক এখন ছুইফট বাহনেৰে মেঘালয়লৈ ফুৰিবলৈ গৈছিল। কিন্ত বুধবাৰে ওৱাগাচিৰ ঘন অৰণ্যৰ মাজত তিনিওজন যুৱকৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে জুইত জাঁহযোৱা চাৰিচকীয়া বাহন খনো উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
দুই যুৱক গোৱালপাৰাৰ দলগোমাৰ নুৰ মহম্মদ আৰু জমৰ আলীক চিনাক্ত কৰা হৈছে যদিও আনজনক এতিয়াও চিনাক্ত হোৱা নাই ৷

Exit mobile version