RJD Leader Contuvarcy Speech:আৰজেডি নেতাৰ জিভা পিছলিল !

জনসভাত লালু কন্যা ৰোহিণীক পৰাজিত কৰিবলৈ জনালে আহ্বান

rohini

RJD Leader contuvarcy Speech:

প্রতি বছৰে নির্বাচনৰ সময়ত একাংশ নেতাৰ জিভা পিছলে। অর্থাৎ নেতাই ভাষণ প্রসংগত হঠাতে কেতিয়াবা নিজ দলৰ বিৰুদ্ধে মন্তব্য আদি কৰে। এনে এক ঘটনা এইবাৰ সংঘটিত হ’ল আৰজেডিত।

আৰজেডিৰ বিধান পৰিষদৰ সদস্য সুনীল সিঙে এখন জনসভাত অংশগ্রহণ কৰি ভাষণ দিয়াৰ সময়ত লালু প্রসাদ যাদৱৰ কন্যা আৰু চাৰন সমষ্টিৰ আৰজেডিৰ প্রার্থী ডাঃ ৰোহিনী আচাৰ্যক পৰাজিত কৰিবলৈ আহ্বান জনালে। দৰাচলতে ৰোহিনীয়ে সম্প্রতি নিজ সমষ্টিত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে। এনে প্রচাৰত আৰজেডিৰ বহু নেতাই অংশ লৈ ৰোহিনীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনাইছে।

এইদৰে চাৰনত ৰোহিনীৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত বিধান পৰিষদৰ সদস্য সুনীল সিঙে ভাষণ প্রসংগত ক’লে, ‘আমি মাত্র এইটোৱে বিচাৰিছো যে ডাঃ ৰোহিনী আচার্যক আপোনালোকে বিপুল ভোটত পৰাস্ত কৰক।’ সিঙৰ এই আহানত উক্ত সভাত উপস্থিত আৰজেডিৰ কৰ্মী-সমর্থকৰ লগতে ৰাইজো হতভম্ব হয়।

অৱশ্যে লগে লগে নিজৰ জিভা পিছলি হৈ হোৱা ভুলৰ কথা বুজিব পাৰি সিঙে ৰাইজক বিপুল ভোট প্রদানৰে ৰোহিনীক জয়ী কৰাবলৈ আহ্বান জনায়।

Exit mobile version