Voter Turnout in Five Constituencies in State Was 70.77 Percent:শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যৰ ৫ সমষ্টিত ভোটদানৰ হাৰ ৭০.৭৭ শতাংশ

poll in assam

Voter Turnout in Five Constituencies in State Was 70.77 Percent:

আজি পুৱাৰে পৰা সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছিল ১৮সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান পৰ্ব । দেশৰ ১০২টা সমষ্টি আছে ২১ খন ৰাজ্য,কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হয় ভোটদান

উল্লেখ্য যে,আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ত নিৰ্বাচনত ১৬.৬৩ কোটিৰো অধিক ভোটাৰে ভাগ্য নিৰ্ণয় কৰে ১৬২৫গৰাকী প্ৰাৰ্থীৰ । আনহাতে, সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হৈছিল পাঁচটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ ৷ সমষ্টি কেইটা হ’ল কাজিৰঙা,যোৰহাট,শোণিতপুৰ,লখিমপুৰ আৰু ডিব্ৰুগড় ৷

ৰাজ্যৰ পাঁচ সংসদীয় সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৫ সমষ্টিত ভোটদানৰ সামগ্ৰিক হাৰ আছিল ৭০.৭৭ শতাংশ ৷ আনহাতে অসমৰ পাঁচ সমষ্টিৰ ভোট গ্ৰহণৰ শতাংশ হ’ল ডিব্ৰুগড়ত ৭০ শতাংশ, যোৰহাট ৭৬ শতাংশ,
কাজিৰঙাত ৬৯ শতাংশ,শোণিতপুৰত ৬৯.৮ শতাংশ আৰু লখিমপুৰত ৬৮ শতাংশ ৷

আনহাতে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ ১০ বিধান সমষ্টিত ভোটদানৰ হাৰ আছিল এনেধৰণৰ ৷ ৮৩ নং মাৰ্ঘেৰিটাত ৭৩.০৮ শতাংশ,৮৪ নং ডিগবৈত ৬৮.৭৩ শতাংশ, ৮৫ নং মাকুমত ৬৯.৫২ শতাংশ , ৮৬ নং তিনিচুকীয়াত ৬৭.২৯ শতাংশ, ৮৭ নং চাবুৱা-লাহোৱালত ৭৪.৮০ শতাংশ, ৮৮ নং ডিব্ৰুগড়ত ৭১.৫০ শতাংশ, ৮৯ নং খোৱাঙত ৭১.১০ শতাংশ, ৯০ নং দুলীয়াজানত ৬৯.১২ শতাংশ,৯১ নং টিংখঙত ৭২.৫০ শতাংশ আৰু ৯২ নং নাহৰকটীয়া বিধান সভা সমষ্টিত ৬৮.২০ শতাংশ ৷

Exit mobile version