Google Cloud:কাৰ্যালয়ত কৰ্মীৰ ৰাজনৈতিক আচৰণ সহ্য কৰা নহ’ব ২৮ কর্মীক ছাটাইৰে কঠোৰ বাৰ্তা গুগলৰ

sundar

Google Cloud:

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে প্রতিষ্ঠানটোৰ কৰ্মচাৰীসকলক স্পষ্ট কৰি দিলে যে কার্যালয় অর্থাৎ কর্মক্ষেত্র কেতিয়াও ৰাজনীতি কৰাৰ স্থান হ’ব নোৱাৰে। দৰাচলতে গুগলে ইজৰাইলৰ চৰকাৰৰ হৈ ১.২ বিলিয়ন মার্কিন ডলাৰৰ এক ক্লাউড প্রজেক্ট হাতত লৈছে। কিন্তু গুগলৰ একাংশ কৰ্মচাৰীয়ে প্রতিষ্ঠানটোৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। এই কাৰণতে কমেও ২৮ জন কর্মীক ছাটাই কৰিলে গুগলে।
লগতে আন নজন গুগল কর্মীকো প্রতিষ্ঠানটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। অলপতে ছানিভেল আৰু নিউয়র্ক চিটিত থকা গুগলৰ কাৰ্যালয়ত ধর্ণা দিছিল প্ৰতিষ্ঠানটোৰ কেইজনমান কর্মীয়ে। ইয়াৰ পাছতে পিচাই নেতৃত্বাধীন গুগলে ২৮ জন কৰ্মচাৰীক অব্যাহতি দিলে।

পিচায়ে স্পষ্টভাৱে কয় যে কাৰ্যালয়ত এই ধৰণৰ ৰাজনীতি চৰ্চাৰ কাম কোনোপধ্যে সহ্য কৰা নহ’ব, কিয়নো কৰ্মক্ষেত্ৰ ৰাজনীতি কৰাৰ স্থান নহয়। পিচায়ে লগতে কয় যে গুগলৰ নীতি একেবাৰে স্পষ্ট আৰু প্রতিষ্ঠানটো হৈছে এক ব্যৱসায়িক সংস্থা। এনে সংস্থাত কোনো কৰ্মীৰ ৰাজনৈতিক আচৰণ সহ্য কৰা নহ’ব বুলি পিচায়ে কৰ্মচাৰীসকলক সকীয়াই দিয়ে।

Exit mobile version