Guwahati IIT:গুৱাহাটী আইআইটিৰ পৰা নিৰুদ্দেশ ছাত্ৰ !

guwahati iit

Guwahati IIT:

সততে বিৰ্তকৰ কেন্দ্ৰবিন্দু হৈ পৰা গুৱাহাটী আই আইটিত পুনৰ অঘটন ৷ আই আইটিৰ হঠাতে নিৰুদ্দেশ এজন ছাত্ৰ । দিবাকৰ মৌৰ্য নামৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ষষ্ঠ সান্মাষিকৰ ছাত্ৰজন যোৱা ৮ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে । গুৱাহাটী আই আইটিৰ লোহিত ছাত্ৰাবাসৰ আবাসী মেধাৱী ছাত্ৰজনৰ ঘৰ ৰাজস্থানৰ আলোৱাৰত।

উল্লেখ্য যে,পৰিয়ালৰ লোকৰ স’তে বিগত ১৩ দিন ধৰি কোনো যোগাযোগ নথকাত ইতিমধ্যে ছাত্ৰজনৰ অভিভাৱক ৰাজস্থানৰ আলোৱাৰৰ পৰা আহি গুৱাহাটী আই আই টিৰ সমীপৰ এখন হোটেলত বাহৰ পাতিছে ।

মনকৰিবলগীয়া যে, কিছুদিন পূৰ্বে ছাত্ৰজন থকা লোহিত ছাত্ৰাবাসৰ এজন ছাত্ৰই আত্মহনণ কৰিছিল । সেই দিনটোৰ পৰাই নিখোজ হৈ আছে দিবাকৰ মৌৰ্য। আনহাতে দিবাকৰে ভাড়া লোৱা স্কুটি খন উদ্ধাৰ হৈছিল শৰাইঘাটৰ নতুন দলঙত ৷ গুৱাহাটী আই আইটিত ইটোৰ পাছত সিটোকৈ এনেধৰণৰ অনাকাংক্ষিত ঘটনাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক ।

আনহাতে ,গুৱাহাটী আই আই টিৰে এজন ছাত্ৰ গোপনে যোগদান কৰিছিল দুৰ্ধৰ্ষ আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছত ৷ ইতিমধ্যে গুৱাহাটী আৰক্ষীয়ে আটক কৰাৰ পিছত এতিয়া ৰঙাঘৰৰ আলহী ছাত্ৰজন ৷

Exit mobile version