Himanta Biswa Sarma’s Huge Road Show in Wayanad:ৰাহুল গান্ধীৰ দূৰ্গত হিমন্ত বিশ্ব শৰ্মা

কেৰালাৰ ৱায়নাড়ত বিশাল ৰোড শ্ব'ৰে ৰণডংকা, বিজেপিৰ প্ৰাৰ্থী কে,সুৰেন্দ্ৰনা হৈ নিৰ্বাচনী সভা

cm visit kerela

Himanta Biswa Sarma’s Huge Road Show in Wayanad:

দেশৰ সৰ্বত্ৰে এতিয়া নিৰ্বাচনী জ্বৰ ৷ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ বাবে উবুৰি খাই পৰিছে সৰু-বৰ ৰাজনৈতিক দল ।

ADVERTISEMENT

দলীয় প্ৰাৰ্থীৰ হৈ ব্যাপক নিৰ্বাচনী ব্যস্ততাৰ মাজতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আজি পুৱাতে উপস্থিত হয়গৈ দক্ষিণ ভাৰতত ৷ কমিউনিষ্টৰ দুৰ্গৰূপে খ্যাত কেৰালাত আজি বিশাল ৰোড শ্ব’ৰে একপ্ৰকাৰ চমক সৃষ্টি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ছোনিয়া তনয় ৰাহুল গান্ধীৰ দুৰ্গস্বৰূপ ‘ৱায়নাড়ত’ ৰণডংকা বজাই মুখ্যমন্ত্ৰী শৰ্মাই বিশাল ৰোড শ্ব’ত অংশ লয়।

কেৰালা প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি তথা ‘ৱায়নাড়ৰ’ৰ দলীয় প্ৰাৰ্থী কে,সুৰেন্দ্ৰনাৰ হৈ চলোৱা ৰোড শ্ব’ত গেৰুৱাময় হৈ পৰে ৰাহুল গান্ধীৰ সংসদীয় সমষ্টি ৱায়নাড় ৷

Exit mobile version