Pakistani Woman Has Given Birth To Six Children Together:একেলগে ছয় সন্তান জন্ম দিলে পাকিস্তানী মহিলাই চাৰি পুত্র, দুই কন্যা

pakistan 1

Pakistani Woman Has Given Birth To Six Children Together:

এটা বা দুটা নহয়, একেলগে ছটা সন্তান জন্ম দিলে পাকিস্তানৰ এগৰাকী মহিলাই। ‘ডন’ৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ঘোরা ১৯ এপ্রিলত এখন চিকিৎসালয়ত জিনাত ৱাহিদ নামৰ এগৰাকী মহিলাই চাৰিটা পুত্র আৰু দুটি কন্যা সন্তান প্রসৱ কৰিছিল।

একেলগে পুত্র আৰু কন্যা সন্তান লাভ কৰি আনন্দত আত্মহাৰা হ’ল জিনাতৰ পৰিয়াল। নিশা প্রসৱ যন্ত্রণা অনুভৱ কৰাত জিনাতক পৰিয়ালৰ লোকে স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰাইছিল। চিকিৎসক তাফবে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি মাতৃ আৰু ছয় সন্তান প্রত্যেকে সুস্থ আছে।

চিকিৎসালয়ৰ ছুপাৰ চিকিৎসক ফৰজানাই কয় যে সদ্যোজাত সন্তানকেইটি ইনকিউবিটৰত ৰখা হৈছে। একেলগে ছয় সন্তান জন্ম দিয়া ঘটনা পাকিস্তানত অতি বিৰল। সাধাৰণতে বিশ্বত প্রতি ৪৫ লাখ মহিলাৰ মাজত এগৰাকী মহিলাৰ ক্ষেত্ৰতহে এনে হোৱা দেখা যায়। ছয় সন্তানৰ লগতে মাতৃ জিনাতৰ শৰীৰত কিছু সমস্যাই দেখা দিছে যদিও চিকিৎসাৰ জৰিয়তে শীঘ্রে এনেবোৰ সমস্যাৰ সমাধান কৰা হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে।

Exit mobile version