World Earth Day Celebration In Jagiroad:ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী

jagiroad 1

World Earth Day Celebration In Jagiroad:

পৰ্যাপ্ত আহাৰ আৰু সুৰক্ষিত আশ্ৰয় স্থলৰ অভাৱত জাক জাক বন্যহস্তী গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰা কথা সৰ্বজনবিদিত ৷ বিশ্বত প্ৰায় ৪০ লাখ ৫০ হাজাৰ হাতীৰ উপস্থিতিৰ সম্ভেদ পোৱা যায় ৷ ২০১৭ চনৰ পিয়ল মতে ইয়াৰে ২৭ হাজাৰ ৩ শ বাৰটা এছিয়ান হাতী আমাৰ দেশত আছে ৷ আৰু ইয়াৰে ৫ হাজাৰ ৭ শ হাতী একমাত্ৰ আমাৰ অসমতেই আছে বুলি ২০১৫ চনৰ পিয়লত প্ৰকাশ ৷ বৰ্তমান এই সংখ্যা কিছু পৰিমাণে বৃদ্ধি হৈছে বুলি হস্তী বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে৷ অসমত হাতীৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে সৰ্বত্ৰে সুৰক্ষিত আশ্ৰয় স্থল আৰু পৰ্যাপ্ত আহাৰৰ নাটনি হৈছে ৷ যাৰ বাবে বন্যহস্তীকুলে আহাৰৰ সন্ধানত গ্ৰাম্যঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সপ্তাহৰ প্ৰতিটো দিনতেই অসমত ক’ৰবাত নহয় ক’ৰবাত হস্তী মানৱৰ সংঘাত পৰিলক্ষিত হৈ আহিছে ৷

অসমৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণধৰ্মী সংগঠন ‘প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে’ ধৰিত্ৰী দিৱস আৰু মঞ্চৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি মেঘালয়ৰ সমীপৱ:ৰ্তী হস্তীৰ বিচৰণ ভূমি জাগীৰোডস্থিত সোণাই-কুছি পাহাৰত হাতীৰ প্ৰিয় খাদ্যাদ্ভিদ ৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ হস্তী বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা মতে অসমৰ বনাঞ্চলত বসবাস কৰা বন্য হস্তীকূলৰ ১১২ বিধ প্ৰিয় খাদ্যাদ্ভিদ আছে , মঞ্চই ইয়াৰে কদম,নিম, আম, কঁঠাল, জামুক, ডিমৰু, ঔ-টেঙা, নল, কল, তৰা , আঁহত, জম লাখুটি আদি ৪১ প্ৰজাতিৰ উদ্ভিদৰ প্ৰায় ৮০০ পুলি ৰোপন কৰা হয় ।

মঞ্চৰ সভাপতি হিতেশ শৰ্মাই মত প্ৰকাশ কৰা মতে, অসমৰ ৰাইজে সাধাৰণতে হাতীৰ বাবে কলগছ ৰোপন কৰে । কিন্তু এই কলগছৰ উপৰিও অন্যান্য গছ কিছুমানৰ পুলি ৰোপন কৰিও হস্তীকূলৰ খাদ্যৰ অভাৱ দূৰ কৰিব পাৰি ৷

প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জাপৰি আঞ্চলিক সমিতিৰ সহযোগিতা আগবঢ়োৱা মঞ্চৰ এই কেন্দ্ৰীয় কাৰ্য্যসূচীত মঞ্চৰ উপদেষ্টা ধনঞ্জয় তালুকদাৰ , সম্পাদক ধীৰাজ পাতৰ, পাৰ্থ প্ৰতিম গৌতম, ৰতন মেধী, জোন বৰদলৈ, প্ৰসাদ দেউৰী, ধৰ্মেন্দ্ৰ বৰদলৈ, ইৰেন ডেকা, নিতুল ডেকা, কমলেশ্বৰ বৰদলৈ, ভুপেন দাস, ৰিকু দাস, মেহদী আলম, ৰাইহানুৰ ৰহমান আদিকে ধৰি প্ৰায় ৫০ গৰাকী সদস্য উপস্থিত থাকে ৷ মঞ্চই হস্তীকূলৰ খাদ্যৰ বাবে বনাঞ্চলসমূহত এনে প্ৰিয় খাদ্য উদ্ভিদ ৰোপন কৰি হস্তী মানুহৰ সংঘাত দূৰ কৰিবলৈ মঞ্চৰ তৰফৰ পৰা আহ্বান জনায় ।

Exit mobile version