Golaghat Merapani Murder: দাবী কৰা অনুসৰি যৌতুক নিদিয়াৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক

বিয়াৰ পিছৰে পৰা স্বামীয়ে দাবী কৰি আহিছিল বাইক আৰু টকা

girl dead

Golaghat Merapani Murder:

দাবী কৰা অনুসৰি যৌতুক নোপোৱাৰ বাবেই পত্নীক হত্যা স্বামীৰ ৷ ঘটনাৰ পিছত আত্মহনণৰ ৰূপ দিয়াৰ চেষ্টা স্বামী পৰিয়ালৰ ৷ এই অভিযোগ পত্নীৰ পৰিয়ালৰ ৷

এই ঘটনাৰ স্থান গোলাঘাট জিলাৰ মেৰাপানীৰ ৰতন পুৰত ৷ ইতিমধ্যে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি অভিযুক্ত স্বামী আৰু পৰিয়ালৰ লোকক আটক কৰাৰ দাবীত মেৰাপানী আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে দুৰ্ভগীয়া পৰিয়ালটিৰ লগতে স্থানীয় লোক ।

প্ৰাপ্ত খবৰ অনুসৰি অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰৰ যুৱক বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এবছৰ পুৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়ণপুৰ গাঁৱৰ তৰালি দাসক। প্ৰথমতে সকলো থিকেই আছিল যদিও সময় বাগৰি যোৱাৰ লগে লগে তৰালীৰ ওপৰত মানসিক আৰু শাৰিৰীক অত্যাচাৰ বৃদ্ধি পায় ৷ ইয়াৰ কাৰণ এখন বাইক আৰু প্ৰয়োজনীয় ধন দাবী কৰি আহিছিল বিশ্বজিৎ বসুমতাৰীয়ে ৷ এই অভিযোগ মৃত তৰালীৰ পিতৃ পৰিয়ালে ৷

সোমবাৰে নিশা তৰালিয়ে আত্মহনণ কৰা বুলি খবৰ দিয়ে পৰিয়ালৰ লোকক ৷ ইয়াৰ পাছতেই মাতৃগৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। তৰালৰ পৰিয়ালৰ লোক ততাতৈয়াকৈ উপস্থিত হয় ৰতনপুৰত ৷ এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি তৰালিৰ পৰিয়ালৰ লোকে মেৰাপানী থানাত দাখিল কৰে এজাহাৰ ।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধ-পোছৰ বাবে তৰালি দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুৱেকক আটক কৰিছে।

Exit mobile version