Indo-Bangla Journalist Forum:বাংলাদেশৰ দিনাজপুৰ জাৰ্নালিষ্ট ইউনিয়নৰ মত বিনিময় অনুষ্ঠানত আই জে ইউৰ সভাপতি বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠক- সাংবাদিক শ্বহিদুল ইছলাম

সাংবাদিকৰ ইতিবাচক ভুমিকাই ভাৰত- বাংলাদেশৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰে: গীতাৰ্থ পাঠক

bang 33

Indo-Bangla Journalist Forum:

বাংলাদেশৰ দিনাজপুৰ জাৰ্নালিষ্ট ইউনিয়নৰ উদ্যোগত আৰু ইন্ডো-বাংলা জাৰ্নালিষ্ট ফৰামৰ সহযোগত “ভাৰত- বাংলাদেশ সাংবাদিক ঐক্য শক্তিশালী হওক” শীৰ্ষক এখনি আলোচনা সভা দিনাজপুৰ চাৰ্কেট হাউচ সভাকক্ষত অনুষ্ঠিত হয়।
উক্ত সভাত অংশ লয় দিনাজপুৰ ভ্ৰমণৰত ইন্ডিয়ান জাৰ্নালিষ্ট ইউনিয়নৰ সভাপতি বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠক, জাৰ্নালিষ্ট ইউনিয়ন অফ আসামৰ ৰাজ্যিক কমিটিৰ সদস্য তথা দৈনিক পূৰ্বোদয় কাকতৰ সাংবাদিক শ্বহিদুল ইছলাম। অসমৰ পৰা যোৱা সাংবাদিকদ্বয়ক দিনাজপুৰৰ জাৰ্নালিষ্ট ইউনিয়নৰ তৰফৰ পৰা উষ্ম আদৰণী জনায়।

“ভাৰত- বাংলাদেশ সাংবাদিক ঐক্য শক্তিশালী হওক” শীৰ্ষক উক্ত মত বিনিময় অনুষ্ঠানত প্ৰধান অতিথি হিচাবে অংশ লৈ বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠকে নিজৰ ভাষণত কয়- “কাটাতাৰৰ বেৰেৰে ভাৰত- বাংলাদেশৰ জনগণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কত কোনেও বাধাৰ সৃষ্টি কৰিব নোৱাৰে।। এই কাটাতাৰৰ বেৰ ভৱিষ্যতে কোনোবা এদিন নাথাকিব পাৰে। দুই দেশৰ মাজত ৰাজনৈতিক কিছু মতান্তৰ থাকিলেও উভয় দেশৰ জনতাৰ মাজত তাৰ কোনো প্ৰভাৱ নাই।

দুই জাৰ্মান, দুই ভিয়েটনাম যদি এক হ’ব পাৰে, আমি কিয় নোৱাৰো বুলি প্ৰশ্ন উত্থাপন কৰে। আৰু এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব পাৰে সাংবাদিক সকলে। সাংবাদিকৰ কোনো দেশ নাই, পৰিসীমা নাই। সাংবাদিকৰ সমস্যা বোৰ সমগ্ৰ বিশ্বতে বৰ্তমান একেই। গতিকে সাংবাদিক সকলৰ আন্তৰ্জাতিক ভ্ৰাতৃত্ববোধ জাগ্ৰত কৰি সমস্যাবোৰ দূৰ কৰিব লাগিব। এটা কথা মনত ৰাখিব লাগিব যে জনগণৰ কন্ঠই হৈছে সাংবাদিকৰ কন্ঠ বুলি তেওঁ মন্তব্য কৰে।

সাংবাদিক গীতাৰ্থ পাঠকে আৰু কয়- আজি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত সাংবাদিক ওপৰত নিৰ্যাতনৰ ঘটনা ঘটি আছে। বিশেষকৈ সাম্প্ৰতিক সময়ত পেলেষ্টাইনৰ গাজাত ইজৰাইলী হামলাত শতাধিক সাংবাদিক নিহত হৈছে। শ্বহীদ সাংবাদিকৰ পৰিয়ালৰ বাবে আমি সহযোগিতাৰ হাত আগবঢ়াইছো। এই ধৰনৰ সহযোগিতা থাকিলে আমাৰ উভয় দেশৰ ভিছা সমস্যা সমূহ সমাধান সম্ভৱ হ’ব। উক্ত মত বিনিময় অনুষ্ঠানত অসমৰ পৰা যোৱা আন এগৰাকী সাংবাদিক তথা জাৰ্নালিষ্ট ইউনিয়নৰ অফ আসামৰ সদস্য শ্বহিদুল ইছলামেও অংশ লৈ ভাৰত- বাংলাদেশ সাংবাদিক ঐক্য শক্তিশালী হওক শীৰ্ষক মত বিনিময় বিষয়ত নিজৰ মতামত আগবঢ়োৱাৰ লগতে সাংবাদিক সকলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।

দিনাজপুৰ সাংবাদিক ইউনিয়নৰ সভাপতি মো: ওৱাহিদুল আলম আৰ্টিষ্টৰ সভাপতিত্ব অনুষ্ঠিত সভা পৰিচালনা কৰে। দিনাজপুৰ সাংবাদিক ইউনিয়নৰ সম্পাদক শ্বাহিদ হুছেইনে। ইন্ডো-বাংলা জাৰ্নালিষ্ট ফৰামৰ কাৰ্যকৰী সভাপতি খাইৰুজজামান কামালে আদৰণী ভাষণত কয়- বাংলাদেশৰ সাংবাদিক সকলে ভাৰতৰ ভিছা পোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰে। লগতে ভাৰতৰ সাংবাদিক সকলৰ পৰা এই ক্ষেত্ৰত সহযোগিতা কামনা কৰে।

ইন্ডো-বাংলা জাৰ্নালিষ্ট ফৰামৰ সাংস্কৃতিক সম্পাদক মো: আব্দুল হাদিৰ লগতে দিনাজপুৰ জাৰ্নালিষ্ট ইউনিয়নৰ দৈনিক মুখপাত্ৰ কাকতৰ সম্পাদক শেখ কামাল, সাংবাদিক গৌৰী শংকৰ ৰায়, জ্যোষ্ঠ আব্দুৰ ৰহমান, দিনাজপুৰ সাংবাদিক ইউনিয়নৰ কোষাধ্যক্ষ ৰেজাউল কৰিম ৰঞ্জু সহ বহু কেইজন সাংবাদিকে ভাষণ দিয়ে। সভাপতি সাংবাদিক ইউনিয়নৰ সভাপতি মো: ওৱাহিদুল আলম আৰ্টিষ্টে কয় বাংলাদেশৰ স্বাধীনতা আন্দোলনত ভাৰতৰ সহযোগিতা আমি কেতিয়াও পাহৰিব নোৱাৰিম। আমি ভাৰতৰ ওচৰত চিৰদিন কৃতজ্ঞ। সাধাৰণ নাগৰিকৰ কথাতো বাদেই শেহতীয়াকৈ বাংলাদেশৰ সাংবাদিকেও ভাৰতৰ ভিছা লাভ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ইমিগ্ৰেচন কৰ্তৃপক্ষৰ পৰা বিশেষ সহযোগিতা পোৱা নাই বুলি অভিযোগ তোলে।

Exit mobile version