Arvind kejriwal:কেজৰিৱাললৈ পৰিয়ালে কিয় প্ৰেৰণ কৰিছে মিঠাই, আম: হতভম্ব আদালত

arvind 1

Arvind kejriwal:

দিল্লীৰ আদালতে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাললৈ ঘৰুৱা খাদ্য হিচাপে পৰিয়ালৰ লোকে মিঠাই আৰু আম প্ৰেৰণ কৰাত আশ্চর্য প্রকাশ কৰিলে। আদালতে কাৰাগাৰ বিষয়াৰ ভূমিকাকো সমালোচনা কৰে।

ADVERTISEMENT

এনে খাদ্য মধুমেহ আক্রান্ত কাৰাবন্দীজনক কিয় খাবলৈ দিয়া হৈছিল বুলি আদালতে প্রশ্ন কৰিলে। আদালতে কয় যে কেজৰিৱালৰ পৰিয়ালে ভোজনত তেওঁক কিয় আম, মিঠাই, আলু-পুৰীৰ দৰে খাদ্য প্ৰেৰণ কৰিছে, সেয়া তেওঁলোকে বুজিব পৰা নাই।

চিকিৎসকে অনুমোদন জনোৱা খাদ্যৰ তালিকাত এইসমূহ খাদ্য নাই, কিন্তু মধুমেহ ৰোগী কেজৰিৱালক পৰিয়ালৰ লোকে এনে খাদ্য যোগান ধৰাটো আশ্চর্যজনক বুলি মত প্রকাশ কৰিলে আদালতে।

উল্লেখ্য যে আদালতে যোৱা এক এপ্রিলত এক নির্দেশনাৰ জৰিয়তে কেজৰিৱালক তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ঘৰৰ পৰা খাদ্য প্ৰেৰণৰ অনুমতি দিছিল।

Exit mobile version