High Court Has Issued a Notice To The State Government Regarding The Ban On Many Marriages:বহু বিবাহ বন্ধ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী উচ্চ ন্যায়ালয়ৰ

ghc

High Court Has Issued a Notice To The State Government Regarding The Ban On Many Marriages:

বহুচৰ্চিত বহু বিবাহ বন্ধ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বুধবাৰে বহু বিবাহ বন্ধ সম্পৰ্কীয় এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ওপৰত শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী। উল্লেখ্য যে,ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত মুছলমানৰ বিশেষ বিবাহ আইন বন্ধ কৰাৰ লগতে কাজীসকলৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছিল।

ইয়াৰ পিছতে ৰাজ্য কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বহু মুছলিম সংগঠন সহ কাজীসকলে

পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে একাংশ কাজীয়ে । এই আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক দুমাহৰ ভিতৰত এই সম্পর্কীয় শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷

Exit mobile version