Ten Riethnic Groups On The Same Platform:স্বকীয় ভাষা, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ বাবে একেখন মঞ্চত দহটা জাতীয় সংগঠন

ভাৰতবৰ্ষ যদি বিশ্বগুৰু হব লাগে তেন্তে ভাৰতবৰ্ষৰ আটাইতকৈ ক্ষুদ্ৰ জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ কৰাৰ লগতে বিকাশ কৰিব লাগিব : বশিষ্ঠ বুজৰবৰুৱা

jatiya sangathan 2

Ten Riethnic Groups On The Same Platform:

ওদালগুৰি জিলাৰ খৈৰাবাৰীস্হ কমিউনিটি সভাগৃহত আজি দহটা জাতীয় সংগঠনৰ সদস্য একেখন মঞ্চত বিভিন্ন ধৰনৰ জাতীয় সমস্যাৰ ওপৰত আলোচনাত মিলিত হয় ৷ বিশেষকৈ সংগঠন সমূহে নিজ নিজ সমাজলৈ ভাষা সংস্কৃতি পৰম্পৰাৰ ক্ষেত্ৰত অহা অশনি সংকটক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

আগন্তুক সময়ত নিজ নিজ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে তেওঁ লোকে একেলগ হৈ একেখন মঞ্চত কাম কৰিব তাৰ বাবে বিশেষ ভাৱে চিন্তা চৰ্চা কৰে। শ্ল’পইজনৰ দৰে দিনক দিনে পাশ্চাত্য সংস্কৃতিৰ কৰাল গ্ৰাসত পৰি আমাৰ সমাজখনে কেনেদৰে নিজৰ স্বভিমান পাহৰি যাবলৈ ধৰিছে সেয়া সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি সকলোৱে একেমুখে স্বীকাৰ কৰে।

উল্লেখ্য যে আজিৰ এই সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকে। সভাত সংগঠন সমূহে নিজৰ নিজৰ সংগঠনৰ কাৰ্যপদ্ধতিৰ বিষয়ে উপস্হাপন কৰি তেঁওলোকে লোৱা পদক্ষেপ সমূহক সকলোকে সহায় আগবঢ়াবলৈ আহ্বান জনায় ।

আনহাতে বশিষ্ঠ বুজৰবৰুৱা নিজৰ ভাষণ প্ৰংগত কয় যে বৰ্তমানে আমাৰ সমাজৰ জনগোষ্ঠীয় ভাষা, পৰম্পৰা আৰু সংস্কৃতিৰ অস্তিত্বলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে পশ্চিমীয়া সংস্কৃতিয়ে ৷ সেয়েহে আমি সকলো দল সংগঠনে মিলি আমাৰ নিজৰ নিজৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিব লাগিব। স্বকীয় ভাষা সংস্কৃতি পৰম্পৰ বিহীন এটা জাতিয়ে কেতিয়াও এটা সম্পূৰ্ণ জাতি হিচাপে চিহ্নিত হ’ব নোৱাৰে বুলি প্ৰকাশ কৰে।

তেওঁ  লগতে কয় যে নিজস্ব ভাষা, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতিয়েই এটা জাতিৰ চিনাকিৰ মূল উপাদান। এটা জাতিৰ নিজস্ব ভাষা, সংস্কৃতি আৰু পৰম্পৰাক পৰষ্পৰৰ পৰা পৃথক কৰিব নোৱাৰি বুলি তেখেতে মন্তব্য কৰি নিজস্ব ভাষা, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতি ত্যাগ কৰিলে সেই জাতিৰ অস্তিত্ব নিঃশেষ হৈ যায় বুলি কয় ৷

তেওঁ কয় যে সকলোবোৰ সংগঠনে একেলগ হৈ নিজ নিজ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি যাব লাগিব, আমাৰ মাজত সাংস্কৃতিক বিনিময় হব লাগিব । আমি সকলোৱে মিলি নিজৰ নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা সমূহ ৰক্ষা কৰিব লাগিব।আমাৰ সকলো ভাষাই ৰাষ্ট্ৰীয় ভাষা বুলি সদৰি কৰি সকলোৱে মিলি সকলোৰে ভাষাক সন্মান জনাই ভাষা উন্নতিৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

ভাৰতবৰ্ষ যদি বিশ্বগুৰু হব লাগে তেন্তে ভাৰতবৰ্ষৰ আটাইতকৈ ক্ষুদ্ৰ জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ কৰাৰ লগতে বিকাশ কৰিব লাগিব । নিজ নিজ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা হলেহে ভাৰতৰ সৰ্বাংগীন বিকাশ হব ।

উল্লেখ্য যে আজিৰ এই সভাত ওদালগুৰি জিলাৰ ওদালগুৰি বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্ৰ সংগঠন, মাণ্ডাই বৰ্মন ছাত্ৰ সংগঠন, অনুচিত জাতি ছাত্ৰ সন্থা , আদিবাসী ছাত্ৰ সন্থা, গোৰখা ছাত্ৰ সন্থা, বেংগলী ফেডাৰেচন, আক্ৰাছু, চাহ মজদূৰ সংঘকে ধৰি ১০ টা জাতীয় সংগঠনৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে ।

Exit mobile version