Tomorrow Second Phase Election:কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ

ৰাজ্য পাঁচ সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত, ৯,১৩৩টা কেন্দ্রত ৭৭ লাখ ৯ হাজাৰ ২৭৬জন ভোটাৰে কৰিব ভোটদান

poll in assam

Tomorrow Second Phase Election:

কাইলৈ ভোট গ্ৰহণৰ বাবে সাজু নিৰ্বাচন আয়োগ ৷ অসমৰ পাঁচটা লোকসভা সমষ্টিত শুক্ৰবাৰে অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত পুৱা ৭ বজাৰে পৰা বিয়লি ৫বজালৈকে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

পাঁচটা সমষ্টিৰ ৯,১৩৩টা কেন্দ্রত হ’ব ভোটগ্রহণ ৷ মুঠ ৭৭ লাখ ৯ হাজাৰ ২৭৬জন ভোটাৰে কৰিব ভোটদান ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৩৮ লাখ ৭৮ হাজাৰ ৬৬৭জনৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৩৮ লাখ ৩০ হাজাৰ ৪৩৯গৰাকী।

মধ্য অসমৰ অন্যতম সংসদীয় সমষ্টি ‘নগাঁও’ত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা- ১৮,০৪, ৪৭১ গৰাকী, আঠটা বিধান সমষ্টি বিশিষ্ট নগাঁও লোকসভা সমষ্টিৰ ১৩ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷ নগাঁওৰ ১৩ প্ৰাৰ্থীৰ ভিতৰত তিনি গুৰুত্বপূৰ্ণ প্ৰাৰ্থী ক্ৰমে বিজেপিৰ সুৰেশ বৰা,কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামৰ মাজতে তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে,সমষ্টিটোত সংখ্যালঘুৰ ভোটাৰ অধিক হোৱা বাবে নিৰ্ণায়ক ভূমিকা ল’ব সংখ্যালঘু জনতাই ৷

আনহাতে বৰাক উপত্যকাৰ আন এটা সংখ্যালঘু অধ্যুষিত সংসদীয় সমষ্টি ‘কৰিমগঞ্জ’ত মুঠ ভোটাৰৰ সংখ্যা ১৪,১২,২৩৯ গৰাকী ৷ সাতটা বিধানসভাৰে গঠিত কৰিমগঞ্জত মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৪ গৰাকী ৷ ৰাজ্যৰ ভিতৰত অধিক সংখ্যক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰা কৰিমগঞ্জত মুল যুঁজ খন হ’ব বিজেপিৰ কৃপানাথ মাল্লা, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী আৰু কংগ্ৰেছৰ হাফিজ ৰজিদ আহমেদ চৌধুৰী ৷

আনহাতে তিনি পাৰ্বত্য জিলাৰ ছয়টা বিধানসভা সমষ্টি বিশিষ্ট ‘ডিফু’ত মুঠ ৮, ৯৩, ০৫৮গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব পাঁচ প্ৰাৰ্থীৰ ৷ পাঁচ প্ৰাৰ্থীৰ ভিতৰত বিজেপি অমৰসিং তিছু, কংগ্ৰেছৰজয়ৰাম ইংলেং আৰু অটোনমাচ ষ্টেট ডিমাণ্ড কমিটিৰ
জটচন বে’ৰ মাজতে যুঁজ খন সীমাবদ্ধ থাকিব ৷

বৰাকৰে আন এটা সমষ্টি শিলচৰত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৩,৬১,৪৯৬ জন । মুঠ সাতটা বিধানসভা সমষ্টি থকা শিলচৰত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮ জন ৷ মুল যুজঁ খন দুই কোণীয়া হ’ব ৷ বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰৰ মাজত পোনপটীয়া যুঁজ খন হোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে চাৰি জিলা ক্ৰমে কামৰূপ গ্ৰাম্য,তামুলপুৰ, দৰং আৰু বিটিআৰৰ ১১সমষ্টি বিশিষ্ট দৰং-ওদালগুৰি লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১, ৮৭, ১৬০গৰাকী ৷ নিৰ্বাচনত ৰণত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ১১ গৰাকী ৷ মুল যুঁজ খন হ’ব বিজেপিৰ দিলীপ শইকীয়া,কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োৰ মাজত ৷

 

Exit mobile version