Nainital Forest Fire:নাইনিতাল অৰণ্যত ভয়ংকৰ বনজুই

জুইত জাহ গৈছে ৩৩.৩৪ হেক্টৰ বিঘা বনভূমি, জুই নুমুৱাবলৈ মোতায়েন কৰা বায়ুসেনাৰ জোৱান, সাজু কৰা হৈছে হেলিকপ্টাৰ

nainital

Nainital Forest Fire:

হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ নাইনিতাল অৰণ্যত ভয়ংকৰ বনজুই ৷ এই অগ্নিকাণ্ডই ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷

নাইনিতালৰ উচ্চ ন্যায়ালয়ৰ কলনীলৈ বনজুই সম্প্ৰসাৰিত কৰাৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে দাঁতি কাষৰীয়া অঞ্চল ৷ ইতিমধ্যে নাইনিতাল প্ৰশাসনে বন বিভাগৰ কৰ্মচাৰী আৰু সেনা জোৱান উভয়কে সহায়ৰ বাবে আহ্বান জনাই অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে এক সংহত প্ৰচেষ্টা চলাইছে। পৰিস্থিতি আৰু অধিক অৱনতি ঘটিলে অগ্নিনিৰ্বাপক অভিযানত যোগদান কৰিবলৈ সাজু কৰি ৰখা হৈছে হেলিকপ্টাৰ

উল্লেখ্য যে,নাইনিতালৰ জিলা সদৰৰ সমীপত উদ্ভৱ হোৱা এই অগ্নিকাণ্ডই পাইনছ অঞ্চলত অৱস্থিত হাইকোৰ্ট কলনীৰ আৱাসিক অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। যাৰবাবে অঞ্চলটোত স্বাভাৱিক যাতায়ত ব্যৱস্থাত ব্যাহত পৰিছে।

একেদৰে বনজুইয়ে নাইনিতাল চহৰৰ দাঁতিতে থকা সামৰিক প্ৰতিষ্ঠানসমূহলৈও বিস্তৃত হ’ব পাৰে, যাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ দলসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি পাব। ফলস্বৰূপে কৰ্তৃপক্ষই সতৰ্কতামূলক ব্যৱস্থা হিচাপে নাইনি হ্ৰদত নাওঁ চলোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে নাইনিতাল জিলা প্ৰশাসনে মনোৰা ৰেঞ্জৰ ৪০ জন আৰু দুজন বনৰক্ষীকে ধৰি ৪২ জনীয়া এটা দল সংগঠিত কৰি বনজুই নিৰ্বাপন কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযানত তৎপৰ হ’বৰ বাবে সাজু কৰি ৰাখিছে ৷

ইফালে, উত্তৰাখণ্ডৰ বন বিভাগে সদৰি কৰা মতে বনজুই অব্যাহত থকা ২৪ ঘণ্টাৰ ভিতৰত কুমাওন অঞ্চলত ২৬ জন আৰু গড়ৱাল অঞ্চলত পাঁচজন লোক আহত হৈছে ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৩৩.৩৪ হেক্টৰ বনাঞ্চল বিধ্বস্ত হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰুদ্ৰপ্ৰয়াগৰ জংঘলত অগ্নিসংযোগ কৰিব লওঁতেই নৰেশ ভট্ট নামৰ লোকজনক হাতে-লোটে ধৰা পেলাইছিল আৰক্ষীয়ে। উক্ত ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী পুস্কৰ সিঙ ধামিয়ে প্ৰশাসনক সকলো যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

মনকৰিবলগীয়া যে, যোৱাবৰ্ষৰ ১ নৱেম্বৰৰ পৰা ৰাজ্যখনে ৫৭৫টা বনজুই ঘটনা সংঘটিত হৈছিল ৷ যাৰ ফলত ৬৮৯.৮৯ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে ।

নাইনিতালত বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বনাঞ্চলৰ অধিক প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে অধিক সতৰ্কতা আৰু সক্ৰিয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই অগ্নিকাণ্ডৰ ফলত হ’ব পৰা সম্ভাৱ্য ধ্বংসলীলাক স্বীকাৰ কৰি ৰাজ্য চৰকাৰে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

স্মতৰ্ৱ্য যে,গ্ৰীষ্মকালত বনজুইয়ে প্ৰায়ে উত্তৰাখণ্ডত সময়ে সময়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷

Exit mobile version