Congress in Indore Candidate Withdraws Party Nomination:মধ্য প্ৰদেশৰ ইণ্ডোৰত কংগ্ৰেছ প্ৰাৰ্থীৰ আকস্মিক পদক্ষেপ

দলীয় মনোনয়ন প্ৰত্যাহাৰ কৰিয়ে যোগদান কৰিলে বিজেপিত

indore

Congress in Indore Candidate Withdraws Party Nomination:

দেশৰ লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোট গ্ৰহণ সফলভাৱে সম্পন্ন হোৱাৰ পিছত এতিয়া ৭ মে’ৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে প্ৰচাৰাভিযানৰ বাবে উবুৰি খাই পৰিছে ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷

ইয়াৰ মাজতে দেশৰ অন্যতম ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ যেন বিপৰ্যয়ে লগ নেৰা হৈছে ৷ একাংশ সুবিধাবাদী কংগ্ৰেছীয়ে দলক মোক্ষম আঘাত হানি পিন্ধিছে গেৰুৱাবসন ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰিও পিছ মুহূৰ্তত দলক সংকটত পেলাই যোগদান কৰে বিজেপিত ৷ এই ঘটনি সংঘটিত হয় মধ্য প্ৰদেশৰ ইন্দোৰত ৷ ইণ্ডোৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অক্ষয় কান্তি বামে শেহতীয়াকৈ যোগদান কৰে বিজেপিত ।

বামে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিও দলক বিশ্বাসঘাতক কৰি শেষ মুহূৰ্তত নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিলে। আনকি সুবিধাবাদী কংগ্ৰেছী নেতা গৰাকীয়ে মধ্যপ্ৰদেশৰ জ্যেষ্ঠ মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়া আৰু বিজেপি বিধায়ক ৰমেশ মেণ্ডোলৰ সৈতে এখন বাহনত উঠি পোনে পোনে ৰাওনা হয় ইণ্ডোৰ কালেক্টৰৰ কাৰ্যালয়লৈ ৷ তাত নিজৰ নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিয়ে ধাপলি মেলে বিজেপি কাৰ্যালয়লৈ ৷

বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ইণ্ডোৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অক্ষয় কান্তি বামে কৰে পৰিধান কৰে গেৰুৱাবসন ৷ ইয়াৰ ফলত ইণ্ডোৰ সংসদীয় সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নোহোৱা হৈ পৰিল ৷

Exit mobile version