Guwahati Amit Shah Road Show:গুৱাহাটীৰ বিজেপিৰ বিশাল ৰোড শ্ব’ত গৃহমন্ত্রী অমিত শ্বাহ

 বিজুলী কলিতা মেধিৰ হৈ চলায় প্ৰচাৰ

amit sahah 1

Guwahati Amit Shah Road Show:

আজি গুৱাহাটীলৈ আহে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মহানগৰীত উপস্থিত হৈ গৃহমন্ত্রী গৰাকীয়ে সন্ধিয়া অংশ লয় বিশাল ৰোড শ্ব’ত

গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মহানগৰীৰ ফটাশিল আমবাৰীৰ চাইকেল ফেক্টৰী-লালগণেশ হৈ ২ কি.মি যোৰা ৰোড শ্ব’ ৰেলীত অংশ লয় গৃহমন্ত্ৰী গৰাকীয়ে । ফটাশিল আমবাৰীৰ চাইকেল ফেক্টৰী পৰা লালগণেশৰ দুই কিলোমিটাৰযোৰা পথছোৱাত লোকে লোকাৰণ্য হৈ পৰে ৷ গেৰুৱাময় হৈ পৰে সমগ্ৰ পথছোৱা ৷ পথৰ দুয়োকাষে বিভিন্ন সাংস্কৃতিক দলৰ কৃষ্টি- সংস্কৃতিৰ সমাহাৰ ঘটে ৷

শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি সহ বিজেপিৰ ডেৰ লক্ষাধিক কাৰ্যকৰ্তাই ৷

উল্লেখ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহ বিশেষ বিমানৰে বৰঝাৰত উপস্থিত হয় আজি বিয়লী ৩-৩০ বজাত ৷ বিমাতকোঠত গৃহমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ কে’বাগৰাকী মন্ত্ৰীয়ে। তাৰ পৰা পোনে পোনে উপস্থিত হয় আমিনগাঁৱস্থ গেষ্ট হাউচত ৷

তাৰ পৰাই সন্ধিয়াভাগত চাইকেল ফেক্টৰীত উপস্থিত হৈ অংশ লয় সু -বিশাল ৰোড শ্ব’ত ৷ আনহাতে গৃহমন্ত্ৰী শ্বাহৰ ৰোড শ্ব’ৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী যান- বাহন আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছিল ৷

Exit mobile version