Lipstick Can Reduce Intelligence:লিপষ্টিক ব্যৱহাৰৰ ফলত হ্রাস পাব পাৰে বুদ্ধিমত্তা

lipstic

Lipstick Can Reduce Intelligence:

আজিৰ আধুনিক নাৰীয়ে লিপষ্টিকৰ কথা বাদ দি সৌন্দর্যচৰ্চাৰ কথা ভাবিবই নোৱাৰে। লিপষ্টিক, লিপ গ্ল’জ, লিপবাম আদি নানা ৰকমৰ সামগ্ৰী নাৰীৰ ওষ্ঠ চৰ্চাৰ অন্যতম উপকৰণ। কিন্তু এইবোৰৰ ব্যৱহাৰৰ পাছতো অসংখ্য নাৰীয়ে জীৱনত বা কর্মক্ষেত্রত আগস্থান দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু সমস্যা হৈছে, এইবোৰ সামগ্ৰীৰ দ্বাৰা ৰূপচৰ্চা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সমস্যা সৃষ্টি হোৱাৰ উপক্রম ঘটিছে। ইয়াৰ কাৰণ হ’ল মার্কিন যুক্তৰাষ্ট্ৰৰ এদল গবেষকৰ দাবী।

এই গৱেষকৰ দলটোৰ মতে, লিপষ্টিক ব্যৱহাৰৰ ফলত এগৰাকী মহিলাৰ বুদ্ধিমত্তা হ্রাস পাব পাৰে। কিন্তু কিয়? কাৰণ, লিপষ্টিকত থাকে সেই ধৰণৰ কেতবোৰ ক্ষতিকাৰক উপাদান। গৱেষকসকলৰ মতে, লিপষ্টিকত থাকে এক বিশেষ প্ৰকাৰৰ চিচা। সেই চিচাই মানুহৰ বুদ্ধি, আচৰণ আৰু শিকাৰ ক্ষমতাত বিৰূপ প্রভাৱ পেলাব পাৰে। বিভিন্ন ব্ৰেণ্ডৰ লিপষ্টিক আৰু লিপ গ্ল’জ পৰীক্ষা কৰাৰ পাছত তেওঁলোকে এই বিষয়ত এক প্রতিবেদন তৈয়াৰ কৰিছে।

পৰীক্ষাত অধিকাংশ ব্ৰেণ্ডৰ লিপষ্টিকত চিচা থকাৰ প্ৰমাণ পোৱা গৈছে। সেই চিচাৰ পৰিমাণ বৰ তাকৰ যদিও গৱেষকৰ দলটোৰ মতে, সামান্য পৰিমাণৰ চিচায়ো স্বাস্থ্যত ব্যাপক বিৰূপ প্রভাৱ পেলাব পাৰে। ইয়াৰ উপৰি চিচাই মানসিক স্থিতিতো বিৰূপ প্রভাৱ পেলায়। বিশেষকৈ গর্ভৱতী মহিলাই চিচাযুক্ত লিপষ্টিক ব্যৱহাৰ কৰিলে, তেওঁৰ গৰ্ভজাত সন্তানৰ স্বাস্থ্যও ক্ষুতিগ্রস্ত হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে। গবেষকসকলে লগতে দাবী কৰিছে যে চিচাৰ প্ৰভাৱ সম্পর্কে সচেতন হ’লেই মহিলাসকলে লিপষ্টিক ব্যৱহাৰ কৰা বাদ দিব।

এইক্ষেত্রতো সকলোৰে মনত হয়তো আন এটা প্রশ্ন উদয় হ’ব পাৰে,সকলো কোম্পানীয়ে ব্যৱসায়ৰ স্বার্থতহে লিপষ্টিক তৈয়াৰ কৰে। যদিহে লিপষ্টিকত ব্যৱহৃত চিচা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তেন্তে কোম্পানীবোৰে কিয় নিজৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ’ব পৰা চিচা লিপষ্টিকত ব্যৱহাৰ কৰে ? আচলতে কোম্পানীবোৰে জ্ঞাতভাবে লিপষ্টিকত চিচা প্রয়োগ নকৰে। বৰঞ্চ লিপষ্টিকত প্রয়োগ কৰা বিভিন্ন ৰঙতে চিচা থাকে। আনহাতে, গবেষণাত ৪৫ শতাংশ ব্ৰেণ্ডৰ লিপষ্টিকত চিচাৰ উপস্থিতি পোৱা নাই। অর্থাৎ চিচা অবিহনেও যে লিপষ্টিক তৈয়াৰ কৰা হয় আৰু সেইবোৰ নিশ্চিন্তমনে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়তো গৱেষকৰ দলটো নিশ্চিত।

Exit mobile version