Saudi Arabia has Tightened rules for the 2024 Hajj:নিৰাপত্তা নিশ্চিত কৰিবলৈ ২০২৪ৰ হজযাত্ৰাৰ বাবে নিয়ম কঠোৰ ছৌডি আৰবৰ

haj

Saudi Arabia has Tightened rules for the 2024 Hajj:

ছৌডি আৰবে হজযাত্রা ২০২৪ৰ বাবে নিয়ম- নীতি অধিক কঠোৰ কৰিলে। ছৌডি আৰবৰ ফটৱা পৰিষদে এক নতুন নির্দেশনাৰ জৰিয়তে আনুষ্ঠানিক অনুজ্ঞাপত্র অবিহনে হজযাত্রা নিষিদ্ধ ঘোষণা কৰিলে।

ছৌডি আৰবৰ ফটৱা পৰিষদে হজযাত্ৰাৰ বাবে অনুমতি গ্রহণ বাধ্যতামূলক ঘোষণা কৰিছে। হজযাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰি পৰিষদে এই সিদ্ধান্ত লয়। ছৌডি আৰবৰ হজ আৰু উমৰাহ মন্ত্রণালয়ে এক বিবৃতিত উল্লেখ কৰা অনুসৰি হজযাত্ৰাৰ পৰিকল্পনা গ্রহণ কৰা ব্যক্তিয়ে নতুন নিয়ম-নির্দেশনা কঠোৰভাৱে পালন কৰিলেহে হজযাত্রাত অংশ ল’ব পাৰিব। হজযাত্ৰাৰ বাবে প্রতিজন হজযাত্রীয়ে আনুষ্ঠানিক অনুমতি গ্রহণ কৰিব লাগিব।

Exit mobile version