ICC Could Issue an Arrest Warrant Against Benjamin Netanyahu:নেতানিয়াহুৰ বিৰুদ্ধে আইচিচিয়ে জাৰি কৰিব পাৰে গ্রেপ্তাৰী পৰোৱানা

netanehu

ICC Could Issue an Arrest Warrant Against Benjamin Netanyahu:

ইজৰাইল আৰু হামাছৰ মাজত ভয়াৱহ যুদ্ধ অব্যাহত থকাৰ সময়তে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ বিপদ বৃদ্ধি পালে। প্রকাশিত বাতৰি অনুসৰি, ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (আইচিচি)-এ।

হামাছৰ বিৰুদ্ধে অব্যাহত ৰখা ব্যাপক যুদ্ধৰ কাৰণতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈ সাজু হৈছে আইচিচি।

প্রকাশিত বাতৰি অনুসৰি কেৱল নেতানিয়াহুৰ বিৰুদ্ধে নহয়, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু আইডিএফৰ মুৰব্বীৰ বিৰুদ্ধেও আইচিচিয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব পাৰে।

Exit mobile version