Sonapur Lanslide:মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন

চলন্ত ট্ৰাকত খহি পৰিল পাহাৰৰ মাটি- গছ, ভূমিস্খলনৰ ফলত ব্যাহত বৰাক-গুৱাহাটীৰ সংযোগ

lanslide

Sonapur Lanslide:

গুৱাহাটীৰ পাশ্বৱৰ্তী মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন ৷ বৰাক-গুৱাহাটীৰ সংযোগী পথছোৱাৰে গৈ থকা চলন্ত এখন ট্ৰাকত খহি পৰিল পাহাৰৰ মাটি- গছ- গছনি ৷ ফলত ক্ষতিগ্ৰস্ত হয় ট্ৰাকখনৰ ৷ কথমপি ৰক্ষা পৰে ট্রাকখনৰ চালক-হেণ্ডিমেনৰ। ঘটনাটো সংঘটিত হৈছে সোণাপুৰ টাৰ্নেলৰ সন্মুখত ৷

আনহাতে ভূমিস্খলনৰ ফলত বৰাক-গুৱাহাটী সংযোগী পথছোৱাত ব্যাহত হয় যাতায়াত ব্যৱস্থা ৷ ইতিমধ্যে ঘটনাস্থলীত এছডিআৰএফে জেচিবি লৈ উপস্থিত হয় আৰু আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷

Exit mobile version