Temperatures Rise in Several States of the Country:দেশৰ একাধিক ৰাজ্যত উষ্ণতা বৃদ্ধিত ৰেড এলাৰ্ট জাৰি

তাপ প্ৰৱাহত দুজনৰ মৃত্যু

temputure

Temperatures Rise in Several States of the Country:

দেশৰ প্ৰায়বোৰ ৰাজ্যতে সম্প্রতি অত্যাধিক উত্তাপ বৃদ্ধিয়ে জনজীৱনক প্রভাৱিত কৰিছে। বতৰ বিজ্ঞান বিভাগে উষ্ণতা বৃদ্ধিৰ সন্দর্ভত সতর্কতা জাৰি কৰি জনোৱা অনুসৰি উত্তৰ প্ৰদেশসহ একাধিক ৰাজ্যত আগন্তুক কিছুদিনলৈকে প্রবল উত্তাপ অব্যাহত থকাৰ সম্ভাৱনা আছে।

প্রচণ্ড গ্রীষ্মৰ ফলত ঝাৰখণ্ডত বিদ্যালয় আৰু কেৰালাতো শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে। ইফালে আগন্তুক তিনিদিনলৈ অন্ধ্র প্রদেশ, বিহাৰ,পশ্চিমবংগ আৰু ওড়িছাৰ একাংশ অঞ্চলত উত্তাপ বৃদ্ধিৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশসহ কে’বাখনো ৰাজ্যৰ বাবে বতৰ বিজ্ঞান বিভাগে উষ্ণতা বৃদ্ধিৰ প্ৰসংগত ইতিমধ্যে ৰেড এলার্ট জাৰি কৰিলে।

তেলেংগানা, কর্ণাটক আৰু ছিকিমৰ একাংশ অঞ্চলৰ ক্ষেত্ৰত অৰেঞ্ এলার্ট জাৰি কৰা হৈছে। পশ্চিমবংগ, কেৰালা, অন্ধ্র প্রদেশ, বিহাৰ আৰু ওড়িছাৰ একাংশ অঞ্চলত তাপমাত্রা ৪৪-৪৫ ডিগ্রী চেলচিয়াছলৈকে বৃদ্ধি পাইছে। ইফালে তাপপ্ৰৱাহৰ ঘটনাত কেৰালাত দুজন লোকৰ মৃত্যু হ’ল। মৃতকৰ মাজত এগৰাকী বয়োজ্যেষ্ঠ মহিলা আৰু আনজন যুৱক।

Exit mobile version